ভাৰতলৈ আহিবলৈ অস্বীকাৰ : চীনলৈ আহিব ৰাষ্ট্ৰপতি পুটিন

ভাৰতলৈ আহিবলৈ অস্বীকাৰ : চীনলৈ আহিব ৰাষ্ট্ৰপতি পুটিন

ডিজিটেল ডেস্ক : অহা অক্টোবৰত চীন ভ্ৰমণ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। নতুন দিল্লীত অহা ৯ আৰু ১০ ছেপ্তেম্বৰত অনুষ্ঠিতব্য জি-২০ শীৰ্ষ সন্মিলনত উপস্থিত থাকিবলৈ অস্বীকাৰ কৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভাডিমিৰ পুটিনে।

কিন্তু অহা অক্টোবৰত পুটিন চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ আমন্ত্ৰণক্ৰমে বেইজিঙত উপস্থিত হ'ব। ইউক্ৰেইন আক্ৰমণৰ পিছত এয়া হ'ব পুটিনৰ প্ৰথমখন মিত্ৰ দেশ ভ্ৰমণ।

চীনে আয়োজন কৰা 'বেল্ট এণ্ড ৰোড ফ'ৰাম কনক্লেভ'ত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অংশ ল'ব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ চীনৰ নেতৃবৃন্দৰ সৈতে দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আলোচনা কৰিব।

ভাৰতলৈ আহিবলৈ অস্বীকাৰ : চীনলৈ আহিব ৰাষ্ট্ৰপতি পুটিন
ছিপাঝাৰৰ বিজুলীবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in