বিশ্বনাথত চাৰিলেনযুক্ত পথৰ ক্ৰছিঙ নিৰ্মাণৰ নামত এন এইচ আই ডি চি এলে পাতিছে মৰণফাণ্ড

বিশ্বনাথত চাৰিলেনযুক্ত পথৰ ক্ৰছিঙ নিৰ্মাণৰ নামত এন এইচ আই ডি চি এলে পাতিছে মৰণফাণ্ড

ডিজিটেল সংবাদ,বিশ্বনাথ: বিশ্বনাথত চাৰিলেনযুক্ত পথৰ ক্ৰছিঙ নিৰ্মাণৰ নামত এন এইচ আই ডি চি এলে পাতিছে মৰণফাণ্ড। বিভিন্ন দল-সংগঠনৰ অভিযোগ যে, চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত এন এইচ বিশ্বনাথৰ চাৰিলেনযুক্ত পথ এতিয়া মৃত্যুদূতলৈ পৰ্যবসিত হোৱাৰ উপক্ৰম হৈছে।

জানিব পৰা মতে, জামুগুৰিহাটৰ পৰা বিশ্বনাথলৈ নিৰ্মিত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰা টি কে ইঞ্জিনীয়াৰিং এণ্ড কনচৰ্টিয়াম নামৰ নিৰ্মাণ কোম্পানীটোৱে সম্প্ৰতি বিশ্বনাথৰ অংশটোত কাম চমু চপাই আনিছে। এনে সময়তে বিশ্বনাথৰ অন্যতম ব্যস্ত পথ পাভৈ পথৰ ক্ৰছিঙৰ অংশটো নিৰ্মাণ কৰিছে।

তাৎপৰ্যপূৰ্ণ যে, এই অংশটোত যানবাহনৰ চলাচলো বেছি। তদুপৰি ৰে'লষ্টেচন,বহুকেইখন শিক্ষানুষ্ঠান,বাগিচা,গাঁও আদিৰে দৈনিক হাজাৰ হাজাৰ লোক যাতায়াত কৰে।

এই চাৰিলেন আৰু পাভৈ পথৰ ক্ৰছিঙৰ অংশটোত ট্ৰেফিক নিয়ন্ত্ৰণৰ বাবে বিশেষভাৱে গোলাকাৰ গতি নিয়ন্ত্ৰক অথবা আন নক্সাৰে বাহনৰ গতি নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱা হ'ব বুলি আশা কৰিছিল। তদুপৰি স্থানীয়ভাৱে এই বিষয়টো জিলা প্ৰশাসনৰো পূৰ্বে দৃষ্টি গোচৰ কৰা হৈছিল।

জানিব পৰা মতে এন এইচ আই ডি চি এল,পথ নিৰ্মাণকাৰী সংস্থা আদিৰ লগতে জিলা উন্নয়ন সমিতিৰ বৈঠকতো এই বিষয়টো আলোচনা হৈছিল। কিন্তু অদৃশ্য কাৰণত সমগ্ৰ বিষয়টো গাপ লগাৰ লগতে এই ক্ৰছিঙটো উন্মুক্তভাৱে ৰাখি পথ নিৰ্মাণ কৰিছে।

উল্লেখ্য যে বিশ্বনাথলৈ যোৱা ২২জুনত মুখ্যমন্ত্ৰী অহাৰ পূৰ্বে নিশাটোৰ ভিতৰতে এই ক্ৰছিঙটো নিৰ্মাণৰ পিছত স্থানীয় ৰাইজ সৰৱ হৈ পৰিছে। ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ,সাংবাদিক সন্থা আৰু বিশিষ্ট নাগৰিকসকলেও এই বিপদজনক ক্ৰছিঙটোকলৈ বিশ্বনাথ মহকুমা প্ৰশাসনৰ দৃষ্টি গোচৰ কৰিছে।

ইতিমধ্যে চাৰিলেনযুক্ত পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই যদিও তীব্ৰবেগী বাহনৰ দৌৰাত্ম্য আৰম্ভ হৈছে। স্বাভাৱিকতে কোনো পথচাৰীৰ মৃত্যুলৈ বাট চাইছে নেকি সংশ্লিষ্ট বিভাগে নে দুৰ্ঘটনা নোহোৱালৈকে বিকল্প ব্যৱস্থা কৰাৰ পৰা বিৰত থাকিব এই সন্দৰ্ভত এন এইচ আই ডি চি এললৈ স্থানীয় ৰাইজে প্ৰশ্ন তুলিছে।

বিশ্বনাথত চাৰিলেনযুক্ত পথৰ ক্ৰছিঙ নিৰ্মাণৰ নামত এন এইচ আই ডি চি এলে পাতিছে মৰণফাণ্ড
উপায়ুক্ত, ৰাজহ চক্র কাৰ্যালয়ত নাথাকিব জনসমাগম, ইণ্টাৰনেটতে উপলব্ধ হ'ব সকলো সুবিধা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in