দিল্লী IIT ত এম টেকৰ ছাত্ৰই ল'লে চৰম পন্থা...

দুৱাৰ ভাঙি উদ্ধাৰ কৰিলে মৃতদেহ
দিল্লী IIT ত এম টেকৰ ছাত্ৰই ল'লে চৰম পন্থা...
দিল্লী IIT ত এম টেকৰ ছাত্ৰই ল'লে চৰম পন্থা...

ডিজিটেল ডেস্কঃ আই আই টি দিল্লীৰ এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য। হোষ্টেলৰ বন্ধ কোঠাৰ পৰা দুৱাৰ ভাঙি উদ্ধাৰ কৰা হৈছে ছাত্ৰজনৰ মৃতদেহ। প্ৰাথমিক অনুসন্ধান অনুসৰি ছাত্ৰজনে আত্মহত্যা কৰিছে।

কিন্তু তেওঁ কিয় এই পন্থা অৱলম্বন কৰিলে তাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে যদিও এই সন্দৰ্ভত কোনো তথ্য উদঘাটন কৰিব পৰা নাই আৰক্ষীয়ে। জানিব পৰা মতে আত্মহত্যাৰ পথ লোৱা ছাত্ৰজনৰ নাম সঞ্জয় নেৰকাৰ।

মহাৰাষ্ট্ৰৰ নাছিকৰ বাসিন্দা ২৪ বছৰীয়া সঞ্জয় এমটেকৰ ছাত্ৰ আছিল। শুকুৰবাৰে আৰক্ষীয়ে জনাইছে, হোষ্টেলৰ আৱাসৰ পৰা তেওঁৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে। ইয়াৰ পাছতে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

আই আই টি দিল্লীৰ সূত্ৰৰ খবৰ অনুসৰি সঞ্জয় দ্ৰোণাচাৰ্য হোষ্টেলৰ ৭৫৭ নম্বৰ কোঠাত আছিল সঞ্জয়। অতি অমায়িক স্বভাৱৰ সঞ্জয়ে কিয় এই পথ ল'লে সেই বিষয়ে একো বুজিব পৰা নাই তেওঁৰ সতীৰ্থসকলে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

এগৰাকী আৰক্ষীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য অনুসৰি- বৃহস্পতিবাৰে নিশা সঞ্জয়ৰ তেওঁ পিতৃ-মাতৃয়ে ফোন কৰিছিল। কিন্তু বাৰে বাৰে ফোন কৰিও ফোনত পুত্ৰক নোপোৱাত হোষ্টেলৰ নিৰাপত্তাৰক্ষীৰ সৈতে যোগাযোগ কৰে।

নিৰাপত্তাৰক্ষীয়ে সঞ্জয়ৰ বন্ধুবৰ্গক তেওঁৰ সন্ধান কৰিবলৈ কোৱাত বন্ধু কেইজনে দেখে সঞ্জয়ৰ কোঠাৰ দুৱাৰ বাহিৰৰ পৰা বন্ধ আছে। তেওঁলোকে তাৰ পৰা আকৌ সঞ্জয়লৈ ফোন কৰে যদিও কোনো উত্তৰ নোপোৱাত নিৰাপত্তাৰক্ষীয়ে আহি দুৱাৰখন ভাঙি ভিতৰত প্ৰৱেশ কৰে।

ইয়াৰ পিছতে কোঠাটোৰ ভিতৰত সঞ্জয়ৰ ওলমি থকা দেহা দেখে তেওঁলোকে। লগে লগে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে আহি মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে এতিয়া সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে।

একাংশই সন্দেহ কৰা মতে প্ৰচণ্ড মানসিক চাপৰ বাবেই তেওঁ এই সিদ্ধান্ত লয়। অৱশ্যে ইয়াৰ আঁৰত আন কিবা কাৰণো থাকিব পাৰে বুলিও সন্দেহ কৰিছে বহুতেই।

উল্লেখ্য যে, ছাত্ৰৰ মৃত্যু, আত্মহত্যা আদিৰ কাৰণত দেশৰ বহু আগশাৰীৰ শিক্ষানুষ্ঠান শেহতীয়াকৈ চৰ্চাৰ মাজলৈ আহিছে। বহু আগশাৰীৰ শিক্ষানুষ্ঠানত মেধা ছাত্ৰই আত্মহত্যাৰ পথ বাছি লৈছে।

কিন্তু কিয় তেওঁলোকে এইদৰে আত্মহত্যাৰ পথ বাচি লৈছে সেয়া এক চিন্তাৰ বিষয় হৈ পৰিছে। একাংশৰ মতে বেছিভাগেই মানসিক চাপৰ বাবেই আত্মহত্যা কৰিছে। এই মানসিক চাপ বিভিন্ন ধৰণে আহিছে। সেয়ে এতিয়া উচ্চ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলৰ বাবে নিয়মীয়াকৈ কাউন্সিলিঙৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে একাংশ সচেতন লোকে।

দিল্লী IIT ত এম টেকৰ ছাত্ৰই ল'লে চৰম পন্থা...
ক্ষমতাশালী মানুহজনে শুনক ৰাৱণ বধৰ কাহিনী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in