/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/8fd549b2-e2b2-4023-b022-1bee28e43522/AP_FOR_WEB_NEW____bikhekh_lekha.jpg)
ক্ষমতাশালী মানুহজনে শুনক ৰাৱণ বধৰ কাহিনী...
শক্তিশালী ৰাৱণক বধ কৰি উভতি আহিছিল ৰাম। ৰামৰ পত্নী সীতাক লংকালৈ অপহৰণ কৰি নি অশোকবাটিকাত বন্দী কৰি ৰাখিছিল। কেৱল ক্ষমতাশালীয়েই নাছিল ৰাৱণ। গুণী, জ্ঞানী বুলি ৰাৱণৰো আন এক নাম আছিল।
ঋষি বিশ্ৰ বা আৰু কৈকেসীৰ জ্যেষ্ঠ পুত্ৰ আছিল ৰাৱণ। সেই ৰাৱণক বধ কৰাতো ইমান সহজ নাছিল যে সেই কথা ৰামৰ মাতৃ কৌশল্যাই জানিছিল। বৰপুত্ৰ ৰামক সগৌৰৱৰে এই কথা সুধিছিল মাতৃয়ে- তুমি সঁচাকৈয়ে ৰাৱণক বধ কৰি উভতি আহিছা?
মাতৃৰ প্ৰশ্নৰ উত্তৰত ৰামে বিনম্ৰতাৰে মাতৃক কৈছিল- মই অৰ্থাৎ ৰামে ৰাৱণক বধ কৰা নাই। ৰাৱণক বধ কৰিছে 'মই'য়ে। পুত্ৰৰ উত্তৰ শুনি ৰাণী কৌশল্যাই একো বুজি পোৱা নাছিল। কিনো কৈছে ৰামে তাৰ ব্যাখ্যা বিচাৰিছে।
ৰামে মাতৃক সেই ব্যাখ্যা দিছিল এনেদৰে- প্ৰচণ্ড শক্তিশালী আৰু ক্ষমতাবান আছিল ৰাৱণ। কি নাছিল ৰাৱণৰ? লংকা আছিল স্বৰ্ণৰ অলংকাৰ। গভীৰ তপস্যা কৰিছিল তেওঁ। সেই সূত্ৰে ৰাৱণৰ পাবলগীয়া একোৱেই বাকী নাছিল। সন্তুষ্ট কৰিছিল শিৱক। এই প্ৰাপ্তি আৰু ক্ষমতাই কাল হ'ল ৰাৱণৰ। 'মই'বৰ ভাব সৃষ্টি হ'ল মনত।
এনে 'মই'ভাবৰ অহংকাৰেই ৰাৱণক বধ কৰিলে। নহ'লে ৰাৱণক বধ কৰাৰ কাৰ সাধ্য আছে? এই পুৰণি কাহিনী আৰু ইয়াৰ তত্ব কেতিয়াবা সাম্প্ৰতিক সময়ৰ কিছু নেতাৰ সৈতে তুলনা কৰাৰ ইচ্ছা যায়। কৰ্মদক্ষ, কৰ্মপটু আৰু দূৰদৃষ্টি সম্পন্ন নেতা তেওঁ।
ক্ষমতা হাতত লৈ তেওঁ বহু কাম কৰাৰ চেষ্টা কৰিছে। কিন্তু সেই কামবোৰৰ মাজত ক'ৰবাত 'মই' বোধতো ঘূৰ্ণীভূত হৈ আছে। কেৱল এজন মানুহ সৰ্বত্ৰে। তেনে অহংবোধ আৰু কেৱল 'মই' নামৰ প্ৰদৰ্শনধৰ্মীতাই তেওঁকো ৰাৱণৰ দৰে দশা যে নকৰিব তাৰ কোনো মানে নাই।
চৰকাৰ মানে কেৱল তেওঁ। কথা মানেই কেৱল তেওঁ। নিৰ্দেশ মানেই তেওঁৰ যি ইচ্ছা সেয়াই। বিনম্ৰতা আৰু সৰলতাক যেন তেওঁ দূৰলৈ ঠেলি পঠিয়াইছে। কেতিয়াবা যদি শিক্ষকক থিয় কৰাই গালি পাৰিছে আন কেতিয়াবা উপাচাৰ্যসকলক, কলেজৰ অধ্যক্ষ বিনাযুক্তিত কোনো কথা নুবুজাকৈ ধমকি দিছে।
আন কেতিয়াবা কোনোবা উচ্চপদস্থ বিষয়াক 'ঐ' বুলি চিঞঁৰি কাষলৈ মাতিছে। এইবোৰত সৰলতাৰ সলনি তেওঁ কিমান ক্ষমতাশালী তাৰ প্ৰমাণ দিবলৈ চেষ্টা কৰা যেন বোধ হয়। তেওঁৰ আচৰণত ফুটি উঠে 'মই'বৰ ভাবৰ এক ৰেঙনি।
বিৰোধী শক্তিক ঠানবান কৰি দিব পৰাকৈ তেওঁৰ দক্ষতা আছে। শত্ৰু পক্ষৰ খবৰ সঠিকভাৱে আনি আগতীয়াকৈ তাৰ বিধান ল'ব পৰাকৈ তেওঁ অভিজ্ঞ। ৰাজনৈতিক সেই দক্ষতা আৰু ক্ষমতাত থকাৰ সূত্ৰে পোৱা সুবিধাই তেওঁক আৰু দক্ষ কৰিব পৰা স্থল আছিল।
এইবোৰৰ বিপৰীতে তেওঁ কেৱল আত্মকেন্দ্ৰিক চেতনাই নিজক উৰ্ধ্বমুখী কৰিবলৈ গৈ নিম্নমুখী এক বাট নিজৰ বাবে যে কৰ্খন কৰি গৈছে সেই উপলব্ধি হয়তো আজিলৈকে কৰা নাই। সেয়েহে কৰ্মদক্ষ, অধ্যয়নপুষ্ট আৰু দূৰদৃষ্টিসম্পন্ন এই মানুহজনৰ প্ৰতি তেওঁৰ 'মই'ভাবৰ বাবেই সাধাৰণ লোকৰ মনত এক নেতিবাচক ধাৰণা গঢ়লৈ উঠিছে।
কোনে জানে সেই কেৱল 'মই'ৰ হাততে ৰাৱণৰ দৰে তেওঁৰ যে বিনাশ নহ'ব ! ৰাজনীতি ক্ষেত্ৰখন কাৰোৰে ম্যাদী পট্টা থকা মাটি নহয়। ই সময় কেন্দ্ৰিক আৰু আপেক্ষিক। কাৰচাজিৰে বা হিডেন ব্লুপ্ৰিণ্টেৰে ক্ষমতা দীঘলীয়া কৰিব পাৰি কিন্তু ইয়াক স্থায়ীত্বৰ ৰূপ দিব নোৱাৰি।
Also Read: নহৰু !