আই আই টি ছাত্ৰৰ আত্মহনন! জাতিৰ বাবে বন্ধুবৰ্গই কৰিছিল বহিষ্কাৰ...

কিছুদিন পূৰ্বে বোম্বে আই আই টিৰ ১৮ বছৰীয়া এজন ছাত্ৰই আত্মহত্যা কৰিছিল। ইয়াৰ পাছতেই পোহৰলৈ আহিছিল বহু ৰহস্য।

author-image
Asomiya Pratidin
New Update
আই আই টি ছাত্ৰৰ আত্মহনন! জাতিৰ বাবে  বন্ধুবৰ্গই কৰিছিল বহিষ্কাৰ...

ডিজিটেল ডেস্ক: কিছুদিন পূৰ্বে বোম্বে আই আই টিৰ ১৮ বছৰীয়া এজন ছাত্ৰই আত্মহত্যা কৰিছিল। ইয়াৰ পাছতেই পোহৰলৈ আহিছিল বহু ৰহস্য। দৰ্শন চোলাংকী নামৰ ১৮ বছৰীয়া ছাত্ৰ জনৰ পৰিয়ালে অভিযোগ উত্থাপন কৰি কয় যে ছাত্ৰজনে বায়েক আৰু খুড়ীয়েকক জাতিৰ বাবে বন্ধুবৰ্গৰ দ্বাৰা বহিষ্কৃত হোৱাৰ বিষয়ে জনাইছিল। ইয়াৰ বিপৰীতে আই আই টি কৰ্তৃপক্ষই কয় যে আই আই টি চৌহদত বৈষম্যৰ কোনো স্থান নাই।

Advertisment

ছাত্ৰ জনৰ পৰিয়াল বৰ্গই জনোৱা অনুসৰি তেওঁ যেতিয়া ঘৰ আহিছিল তেতিয়া জাতিগত বৈষম্যৰ তথা কৈছিল। তেওঁৰ বন্ধুসকলে জানিছিল যে তেওঁ এক অনুসূচীত জাতি। তাৰ পাছতে তেওঁৰ প্ৰতি তেওঁলোকৰ আচৰণ সলনি হৈছিল। বন্ধু সকলে তেওঁৰ সৈতে কথা পতা বন্ধ কৰিছিল।

তেওঁ মানসিক ভাৱে ভাগি পৰিছিল আৰু অত্যাচাৰো কৰা হৈছিল যাৰ বাবে ছাত্ৰ জনে আত্মহত্যাৰ পথ বাছি লোৱা বুলি কয় পৰিয়াস বৰ্গই।

উল্লেখ্য যে, ল'ৰা এটা হোষ্টেল অষ্টম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল ছাত্ৰ জনে। আৰক্ষীৰ মতে, দেওবাৰে দুপৰীয়া প্ৰায় ১ মান বজাত সংঘটিত হৈছিল এই ঘটনা।

আৰু পঢ়ক: বাইক-স্কুটীৰ সংঘৰ্ষত থিতাতে প্ৰাণ গ'ল এজনৰ...

IIT BOMBAY