৪০ বছৰ পিছত উদগীৰণ পৃথিৱীৰ বৃহত্তম সক্ৰিয় আগ্নেয়গিৰি মাউনা লোৱা

৪০ বছৰ পিছত উদগীৰণ পৃথিৱীৰ বৃহত্তম সক্ৰিয় আগ্নেয়গিৰি মাউনা লোৱা

ডিজিটেল ডেস্ক : প্ৰায় ৪ দশকৰ পাছত উদগীৰণ হ'ল পৃথিৱীৰ বৃহত্তম সক্ৰিয় আগ্নেয়গিৰি মাউনা লোৱা । হাৱাই দ্বীপপুঞ্জত অৱস্থিত এই আগ্নেয়গিৰিটো অন্তিম বাৰৰ বাবে উদগীৰণ হৈছিল ১৯৪৮ চনত । ইতিমধ্যেই হাৱাইয়ান প্ৰশাসনে এই সন্দৰ্ভত জাৰী কৰিছে সতৰ্কবাণী আৰু সেই মৰ্মে আগ্নেয়গিৰিৰ নিকটৱৰ্তী অঞ্চলৰ লোকসকলক যিকোনো মূৰ্হুততে আবাসস্থলী পৰিত্যাগ কৰি সুৰক্ষিত স্থানত আশ্ৰয় ল'বৰ বাবে সাজু হৈ থাকিবলৈও কোৱা হৈছে ।

উল্লেখ্য যে, এই বিশাল আগ্নেয়গিৰিটো সমুদ্ৰ পৃষ্ঠৰ পৰা ১৩,৬৭৯ ফুট উচ্চতালৈ আছে আৰু সৰ্বমুঠ ৫১৭৯ বৰ্গ কিলোমিটাৰ অঞ্চল আৱৰি আছে । তেনেস্থলত সহজেই অনূমেয় আগ্নেয়গিৰি উদগীৰণৰ দৃশ্যপট । ভাৰতীয় সময় অনুসৰি সোমবাৰে পুৱা প্ৰায় ৮.৩০ বজাত উদগীৰণ হয় এই আগ্নেয়গিৰিটো । অনহাতে, প্ৰায় ৪টা দশক সক্ৰিয় অৱস্থাত থকা আগ্নেয়গিৰিটোৰ উদগীৰণৰ কাকৰ ৰূপে ৰবিবাৰে নিশা হাৱাইত সংঘটিত ভূমিকম্পটোক গণ্য কৰা হৈছে ।   

এই সন্দৰ্ভত, আমেৰিকা যুক্তৰাষ্টৰ ভূ-বিজ্ঞান জৰীপ বিভাগে জাৰী কৰা নিৰ্দেশনা অনুসৰি আগ্নেয়গিৰিৰ লাভাৰ সৈতে নিৰ্গমন হোৱা ধোঁৱাই সৃষ্টি কৰিব শ্বাস-প্ৰশ্বাসৰ সমস্যা । ইয়াৰ ওপৰিও ১৯৮৪ চনৰ উদগীৰণে প্ৰায় ৮ কিলোমিটাৰ দূৰলৈ কঢ়িয়াই নিছিল এই লাভা । আনহাতে, শেহতীয়া উদগীৰণে হাৱাইৰ হিলো আৰু কোনা অঞ্চলৰ লোক সকললৈ ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি আশংকা প্ৰকাশ কৰে জৰীপ বিভাগটিয়ে ।     

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in