ভূস্বৰ্গ কাশ্মীৰ হ'ব দ্বিতীয় 'গাজা' ! ফাৰুক আব্দুল্লাৰ মন্তব্যত ধুমুহা...

ভূস্বৰ্গ কাশ্মীৰ হ'ব দ্বিতীয় 'গাজা' ! ফাৰুক আব্দুল্লাৰ মন্তব্যত ধুমুহা...
ভূস্বৰ্গ কাশ্মীৰ হ'ব দ্বিতীয় 'গাজা' ! ফাৰুক আব্দুল্লাৰ মন্তব্যত ধুমুহা...

ডিজিটেল ডেস্কঃ গাজাৰ সদৃশ পৰিৱেশৰ সূচনা হ'ব ভাৰতত! এই আশংকা কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাৰ। সেই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে কাশ্মীৰ সমস্যাৰ সন্দৰ্ভত পাকিস্তানৰে আলোচনাত বহিব লাগিব ভাৰত চৰকাৰ। অন্যথা ভূস্বৰ্গ কাশ্মীৰ দ্বিতীয় গাজালৈ ৰূপান্তৰিত হোৱাটো নিশ্চিত বুলি মন্তব্য কৰিছে বৰ্ষীয়ান নেতাগৰাকীয়ে।

কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰে ফাৰুক আব্দুল্লাই কৰা এই মন্তব্যই এতিয়া দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে। মঙ্গলবাৰে সাংবাদিকৰে হোৱা সাক্ষাতকাৰৰ সময়ত নেশ্যনেল কনফাৰেঞ্চৰ মুৰব্বী ফাৰুক আব্দুল্লাই কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও কৈছে যুদ্ধ কোনো সমস্যাৰ সমাধানৰ বিকল্প পথ নহয়। বৈঠক বা আলোচনাৰ মাধ্যমত সমাধানলৈ অহা উচিত।

কাশ্মীৰ সমস্যা সন্দৰ্ভত বৈঠক ক'ত হৈছে বুলি প্ৰশ্ন কৰি তেওঁ কয়, নৱাজ শ্বৰীফ পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ পথত। তেওঁ ভাৰতৰ সৈতে আলোচনাত বহিবলৈ আগ্ৰহী। তেনেহ'লে তেওঁৰ সৈতে কথা পতাত আমি সাজু নহয় কিয়? ইয়াৰ আঁৰত কি কাৰণ আছে?

তেওঁ পুনৰ কয়, যদি আমাৰ আলোচনাৰ মাধ্যমত সমাধান নহয় তেনেহ'লে আমাৰ পৰিণতিও গাজাৰ দৰেই হ'ব। য'ত ইজৰাইলে বোমা বৰ্ষণ কৰিছে। আব্দুল্লাই প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰো এক মন্তব্যক এই প্ৰসংগতে উল্লেখ কৰিছে। তেওঁ কয়, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ এক মন্তব্য আছিল, আমি আমাৰ বন্ধু পৰিৱৰ্তন কৰিব পাৰোঁ কিন্তু প্ৰতিবেশী পৰিৱৰ্তন নোৱাৰো।

উল্লেখ্য, সীমান্ত অতিক্ৰম কৰি পাকিস্তানৰ পৰা অনুপ্ৰৱেশকাৰীয়ে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাই আহিছে। ভাৰতত আক্ৰমণৰ পৰিল্পনা কৰি আহিছে। অৱশ্যে ভাৰতীয় সেনাই প্ৰতিবাৰেই তেওঁলোকক বাধা প্ৰদান কৰি আহিছে। তাৰ মাজতো একাংশ সন্ত্ৰাসবাদী ভাৰতত প্ৰৱেশ কৰি বিভিন্ন কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিছে।

বৃহস্পতিবাৰে পুঞ্চ জিলাত তেনে এক সন্ত্ৰাসবাদীৰ আক্ৰমণত পাঁচজন সৈনিক নিহত হৈছে। এই সন্দৰ্ভতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে মন্তব্য কৰিছে ফাৰুক আব্দুল্লাই। ইফালে ফাৰুক আব্দুল্লাৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিছে বিজেপিয়ে।

কাশ্মীৰ উপত্যকাৰ বিজেপিৰ জ্যেষ্ঠ নেতা হীনা শ্বফি ভাটে কয়, "ফাৰুক আব্দুল্লাৰ দৰে এজন জ্যেষ্ঠ নেতাই পাকিস্তানৰ সৈতে আপোচ কৰাৰ কথা শুভা নাপায়। বিজেপি চৰকাৰে পাকিস্তানৰ সন্মুখত শিৰনত নকৰে। আমি চেষ্টা কৰিছিলো। কিন্তু পাকিস্তানে বাৰে বাৰে আমাৰ পিঠিত ছুৰি মনাৰিছে।

ভূস্বৰ্গ কাশ্মীৰ হ'ব দ্বিতীয় 'গাজা' ! ফাৰুক আব্দুল্লাৰ মন্তব্যত ধুমুহা...
ব্যতিক্ৰমী উপন্যাস 'বিক্রেতা বিহীন বজাৰ' উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in