ব্যতিক্ৰমী উপন্যাস 'বিক্রেতা বিহীন বজাৰ' উন্মোচন...

ব্যতিক্ৰমী উপন্যাস 'বিক্রেতা বিহীন বজাৰ' উন্মোচন...
ব্যতিক্ৰমী উপন্যাস 'বিক্রেতা বিহীন বজাৰ' উন্মোচন...

ডিজিটেল ডেস্কঃ সাম্প্ৰতিক সময়ত অসমীয়া সাহিত্যৰ জগতত সাহিত্য অভিযন্তা অভিধাৰে আত্মপ্ৰকাশ কৰা লেখক চুমিন্দ্ৰ চৌধুৰীৰ ব্যতিক্ৰমী উপন্যাস 'বিক্রেতা বিহীন বজাৰ' বিভিন্নজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উন্মোচন কৰে বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী য়েছে দৰজে ঠংচি, নেৰিষ্টৰ সঞ্চালক অধ্যাপক নৰেন্দ্ৰ নাথ শৰ্মা, ডীন অধ্যাপক এম চন্দ্ৰশেখৰণ, প্ৰসিদ্ধ লেখিকা বাগ্দেৱী দাবি আদিয়ে।

১৯৮৬ চনত কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ে এক বিশেষ প্ৰকল্পৰ আধাৰত গতানুগতিক অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ বিপৰীতে ছয় বছৰীয়া পাঠ্যক্ৰমৰে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ সমীপৰ নিৰজুলিত এখন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষা প্ৰতিষ্ঠান স্থাপিত কৰিছিল। আৰম্ভণিতে উত্তৰ পূৰ্ব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অধীনত থকা আৰু বৰ্তমান সময়ত বিবেচিত বিশ্ববিদ্যালয়ৰ মৰ্য্যদা প্ৰাপ্ত North Eastern Regional Institute of Science & Technology চমুকৈ NERIST এখন দেশৰ আগশাৰীৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান ।

এই শিক্ষানুষ্ঠানৰ নেৰিষ্ট আৰু মিজোৰামৰ সততাৰ নিদৰ্শণ পৰম্পৰাগত বিক্রেতা বিহীন বজাৰ 'ন্গাহ-ল'হ-ডৱৰ'ৰ পটভূমিতে লিখি উলিওৱা হৈছে নৱতম উপন্যাস "বিক্রেতা বিহীন বজাৰ"।

২০২১ চনতে প্ৰকাশ পোৱা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষণাৰ বিষয়বস্তু হিচাপে বিবেচিত হোৱা লেখক চুমিন্দ্ৰ চৌধুৰীৰ "বিহংগম দৃষ্টিত মিজোৰাম" উপন্যাসখনৰ পৰিবৰ্ধিত সংস্কৰণ তথা নতুন ৰূপত প্ৰকাশ কৰা উলিওৱা "বিক্রেতা বিহীন বজাৰ" উপন্যাসখনত অৰুণাচলৰ নিচি জনজাতিৰ কলা সংস্কৃতি আৰু কটকটীয়া সমাজ ব্যৱস্থাৰ লগতে মিজোৰামৰ মিজোসকলৰ শৃংখলাৱদ্ধ জীৱন শৈলী আৰু সততাৰ কথাত প্ৰধান্য দিয়া হৈছে।

মণিকূট প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা 'বিক্রেতাবিহীন বজাৰ"ৰ নায়ক অনুৰাগ, নিচি যুৱতী মৃগনয়ণী আৰু মিজো গাভৰু জুৱালীৰ ত্রিকোণীয় প্ৰেমৰ কাহিনীৰাজিয়ে পাঠকৰ হৃদয়ত স্থান পাব বুলি আশা কৰা হৈছে ।

ব্যতিক্ৰমী উপন্যাস 'বিক্রেতা বিহীন বজাৰ' উন্মোচন...
প্ৰৱঞ্চক শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ অধ্যক্ষক ঘেৰাও শিক্ষাৰ্থীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in