ভাৰত VS নিউজিলেণ্ডঃ ২,৫০০ ৰ টিকট ৪০,০০০ টকাত বিক্ৰী, গ্ৰেপ্তাৰ এজন

ভাৰত VS নিউজিলেণ্ডঃ  ২,৫০০ ৰ টিকট ৪০,০০০ টকাত বিক্ৰী, গ্ৰেপ্তাৰ এজন

ডিজিটেল ডেস্কঃ ক্ৰিকেট অনুৰাগীসকলৰ অপেক্ষা ১৫ নৱেম্বৰলৈ। কাইলৈ মুম্বাইৰ বানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আইচিচি বিশ্বকাপৰ ভাৰত-নিউজিলেণ্ডৰ ছেমিফাইনেল। ইয়াৰ প্ৰাকক্ষণত একাংশ দুষ্টচক্ৰই উচ্চ দৰত বিক্ৰী কৰিছে টিকট। এই অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজনক।

মুম্বাইৰ ৩০ বছৰীয়া আকাশ কোঠাৰীক জে জে আৰক্ষীয়ে টিকটৰ ক'লা বিপণনৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ এই খেলখনত ভাৰত জয়ী হ'লে ভাৰতে খেলিব পাৰিব ছেমিফাইনেল।

আৰক্ষীয়ে জনাই যে এক বিশেষ সূত্ৰৰ পম খেদি কোঠাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তেওঁৰ পৰা বহু নথি পত্ৰও জব্দ কৰে আৰক্ষীয়ে। কোঠাৰীয়ে ২৫০০ মূল্যৰ টিকট ৩৫,০০০ ৰ পৰা ৪০,০০০ টকা পৰ্যন্ত বিক্ৰী কৰি আছিল।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত যুৱকজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। এই ঘটনাৰ আঁৰত আন ব্যক্তি থকাৰো সন্দেহ কৰিছে আৰক্ষীয়ে। তাৰোপৰি ইমান সংখ্যক টিকট কৰ পৰা আনিলে সেই সন্দৰ্ভতো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

বৃহস্পতিবাৰে নিশা আইচিচি এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেল আৰু ফাইনেলৰ টিকটৰ বিক্ৰীৰ শেষ দিন আছিল। বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল ১৫ নৱেম্বৰত মুম্বাইত আৰু দ্বিতীয়খন কলকাতাত ১৬ নৱেম্বৰত অনুষ্ঠিত হ'ব।

ভাৰত VS নিউজিলেণ্ডঃ  ২,৫০০ ৰ টিকট ৪০,০০০ টকাত বিক্ৰী, গ্ৰেপ্তাৰ এজন
হাগ্ৰামা মহিলাৰীৰ স্পষ্টীকৰণঃ মিত্ৰতালৈ নাহে বিজেপিৰ সৈতে, অকলে খেলিব নিৰ্বাচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in