হাগ্ৰামা মহিলাৰীৰ স্পষ্টীকৰণঃ মিত্ৰতালৈ নাহে বিজেপিৰ সৈতে, অকলে খেলিব নিৰ্বাচন

হাগ্ৰামা মহিলাৰীৰ স্পষ্টীকৰণঃ মিত্ৰতালৈ নাহে বিজেপিৰ সৈতে, অকলে খেলিব নিৰ্বাচন

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ বিপিএফৰ মুখ্য কাৰ্যালয়ত হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰণ।এনডিএৰ পৰিকল্পনাত চেঁচাপানী ঢালি হাগ্ৰামা মহিলাৰীৰ ঘোষণা।

তেওঁ কয় যে, দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফে দিব নিজাববীয়া প্ৰাৰ্থী। দুয়োটা সমষ্টিতে জিকিব বিপিএফ। বিপিএফ চিংগলে জন্ম হৈছে চিংগলে যাব । বিজেপি, কংগ্ৰেছ , অগপ , এআইইউডিএফ কাৰো সতে আমাৰ যোগাযোগ নাই।

দলৰ সিদ্ধান্ত অনুসৰি লোকসভা নিৰ্বাচনত কাৰো সতে মিত্ৰতা নহয় বুলি কয় মহিলাৰীয়ে। লগতে কয়, আগন্তুক লোকসভা নিৰ্বাচনত কাৰো সতে মিত্ৰতা নকৰে বিপিএফে। বিজেপি আৰু ইউপিপিএলৰ বহুসংখ্যক নেতা-কৰ্মীয়ে বিপিএফ দলত যোগদান কৰিবলৈ যোগাযোগ অব্যাহত ৰাখিছে । বিপিএফ দলত যোগদানৰ বাবে প্ৰতিযোগিতা আৰম্ভ হৈছে ।

বিটিআৰত বিজেপিত খহনীয়া আৰম্ভ হৈছে বুলি কয় মহিলাৰীয়ে। উল্লেখ্য যে, বিজেপিৰ কোকৰাঝাৰ জিলা প্ৰাক্তন সভাপতি ৰাজকুমাৰ ব্ৰহ্ম , চিৰাং জিলা বিজেপিৰ সম্পাদক স্বপন মাৰাণ্ডী , জিলা যুৱ মৰ্চা কাৰ্যালয় সম্পাদক নৱৰঞ্জন বৰ্মন , বিজেপিৰ মানস চেৰফাংৰ প্ৰাক্তন মণ্ডল সভাপতি দেৱজ্যোতি নমোদাস , বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিপ্লৱ দেৱ নাথ বিপিএফত যোগদান কৰে ।বিপিএফৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় যোগদান সভা ।

হাগ্ৰামা মহিলাৰীৰ স্পষ্টীকৰণঃ মিত্ৰতালৈ নাহে বিজেপিৰ সৈতে, অকলে খেলিব নিৰ্বাচন
যোগীঘোপাত দ খাৱৈত পৰি কৰুণ মৃত্যু ডেৰ বছৰীয়া শিশুৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in