ভাৰতীয় বায়ু সেনাৰ প্ৰশিক্ষণৰত বিমান দুৰ্ঘটনাগ্ৰস্ত

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনাৰ প্ৰশিক্ষণৰত বিমান দুৰ্ঘটনাগ্ৰস্ত। কৰ্ণাটকৰ চমৰাজনগৰত বৃহস্পতিবাৰে সংঘটিত হৈছে এই ঘটনা। ভাৰতীয় বায়ু সেনাই টুইটাৰৰ জৰিয়তে জনাই এই কথা।

টুুইটটোত লিখে যে, ভাৰতীয় বায়ু সেনাৰ এখন কিৰণ প্ৰশিক্ষক বিমান আজি কৰ্ণাটকৰ চামৰাজনগৰৰ ওচৰত নিয়মীয়া প্ৰশিক্ষণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয়। দলটোৰ সদস্য সকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়। ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া বুলি জনায়।

এতিয়ালৈতে এই বিমান দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই। লগতে কোনো লোক হাতহতো হোৱা নাই বুলি জানিব পৰা গৈছে।

প্ৰতীকি ফটো
লাগে নেকি চৰকাৰী চাকৰি, ৰমাকান্তই লিখি দিব মুখ্যমন্ত্ৰীলৈ চিঠি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in