লাগে নেকি চৰকাৰী চাকৰি, ৰমাকান্তই লিখি দিব মুখ্যমন্ত্ৰীলৈ চিঠি...

লাগে নেকি চৰকাৰী চাকৰি, ৰমাকান্তই লিখি দিব মুখ্যমন্ত্ৰীলৈ চিঠি...

মৃদুল কুমাৰ সন্দিকৈ

অবৈধ নিযুক্তি আৰু পৰিয়াল স্বজনৰ নিযুক্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী কঠোৰ হৈছে। ১ লাখ চাকৰিত নিযুক্তি দিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বচ্ছতাৰে মেধাৱী ছাত্ৰ-ছাত্ৰীক নিযুক্তি দিবলৈ প্ৰতিজ্ঞা কৰিছে। মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক সকলোৱে সাধুবাদ দিছে।

অতি শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তাৎক্ষণিত জাননীৰ জৰিয়তে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক ৰাজ্য চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।অসম ৰাজ্যিক পৰিবহন নিগমৰ পল্টনবজাৰস্থিত কাৰ্যালয়ত ৩১ মে' ২০২৩ ত ইয়াৰ বিৰুদ্ধে বৰ্খাস্ত হোৱা কৰ্মচাৰী সকলে প্ৰতিবাদ সাৱ্যস্ত কৰিছিল।

এসময়ত পৰিবহন নিগমৰ সঞ্চালকৰ পদত থকা আনন্দ প্ৰকাশ তিৱাৰীৰ উদ্যোগতেই বিভিন্ন পৰ্যায়ত এই নিযুক্ত দিয়া হৈছিল। ঠিকাভিত্তিক সেই কৰ্মচাৰীসকলক বৰ্খাস্ত কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি ৩১ মে' ২০২৩ ত সম্বোধন কৰা এখন সংবাদমেলত ঘোষণা কৰিছিল যে কোনো মন্ত্ৰীৰ ভতিজা, কোনোবা বিষয়াৰ ভাগিনীয়েকে বিচাৰিলেই চাকৰি নাপাব।

এনেদৰে নিযুক্তি দিয়া বিষয়াসকলক কঠোৰ শাস্তি বিহাৰ কথাও তেওঁ দোহাৰিছিল। কাৰোবাৰ আত্মীয় হোৱা হেতু চাকৰি লাভ কৰা যি পুৰণি ধাৰাবাহিকতাত যতি পৰিব বুলিয়েই মানুহে ভাবে বা বিচাৰে।

আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ বিচাৰিলেও কাকো চাকৰি দিব নোৱাৰি বুলিও ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ এই ঘোষণা বা কথাৰ সৈতে কামৰ পাৰ্থক্য আছে নেকি? কিয়নো এজন শাসকীয় দলৰ বিধায়কে বিচৰা ধৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি দিবলৈ দিয়া নিৰ্দেশে এই ধাৰণাক এনে সন্দেহৰ মাজলৈ ঠেলি দিছে।

মৰিগাঁও জিলাত খালী থকা গাঁও প্ৰধানৰ পদ পূৰণৰ বাবে ০৭-০৭-২০২২ ত এম আৰ জি ৫/২০২১/৪৩ নং এখন জাননী জাৰি কৰা হৈছিল। সেই জাননীৰ ভিত্তিতেই ২০২২ ৰ ১৩ ডিচেম্বৰৰ পৰা ২০২২ ৰ ২০ ডিচেম্বৰলৈকে গাঁও প্ৰধান পদৰ বাবে প্ৰাৰ্থী সকলৰ সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল।

এই নিযুক্তি চৰকাৰী নিযুক্তি যদিও ইয়াত কিন্তু ৰাজনৈতিক হস্তক্ষেপ হৈছিল। ৮০ নং মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ৰ ৰমাকান্ত দেউৰীয়ে মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ লিখিছিল।

বিধায়কৰ পেডত লিখা এই পত্ৰখনত বিধায়ক গৰাকীয়ে লিখিছিল- ''প্ৰতি, মাননীয় মুখ্যমন্ত্ৰী মহোদয় সমীপেষু/ অসম চৰকাৰ, দিছপুৰ গুৱাহাটী-৬/ মহাশয়, সন্মান সহকাৰে আপোনাক জনাও যে মৰিগাঁও জিলা উপাযুক্তৰ কাৰ্যালয়ে জিলাত খালী হৈ থকা গাঁও প্ৰধান পদসমূহ পূৰণৰ বাব নিৰ্দেশনা জাৰি কৰিছে। যিহেতু বটদ্ৰৱা আৰু লাহৰীঘাট সমষ্টিত আমাৰ দলীয় বিধায়ক নাই, সেয়েহে বটদ্ৰৱা, লাহৰীঘাট সমষ্টিত ভাৰতীয় জনতা পাৰ্টী দলৰ কৰ্মীসকলে তেখেতসকলৰ নিৰ্বাচিত যোগ্য প্ৰাৰ্থীসকলক নিযুক্তি ব্যৱস্থা কৰিবৰ বাবে মোৰ ওচৰত আৱেদন জনাইছে। উক্ত তালিকা আপোনাৰ অনুমোদনৰ বাবে এই পত্ৰৰ লগত সংলগ্ন কৰি আপোনালৈ প্ৰেৰণ কৰিলো। গতিকে অনুমোদনৰ বাবে আপোনাক অনুৰোধ জনালো''।

এইখনেই আছিল বিধায়ক ৰমাকান্ত দেউৰীয়ে মুখ্যমন্ত্ৰীলৈ লিখা চিঠি। সেই চিঠিৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে মৰিগাঁওৰ উপাযুক্তক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দি এটা সৰু টোকা স্বাক্ষৰসহ লিখি দিছিল। বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে দিয়া এই নিৰ্দেশ আওকান কৰিব পাৰে কোনে?

ৰমাকান্ত দেউৰীয়ে মিকিৰভেটা আৰু লাহৰীঘাট ৰাজহচক্ৰৰ অন্তৰ্গত ১০ খন গাঁওৰ বাবে ১০ জন তেওঁৰ ফৰমাইছ কৰা লোকক গাঁওবুঢ়া ৰূপে নিযুক্তি দিবলৈ তালিকা প্ৰেৰণ কৰিছিল। সেই তালিকাত থকা লোকসকল আছিল- ভেহুগুৰিৰ বাবে ৰছিদুল হক, বোৱালগুৰিৰ, গা-খজুৱা আৰু শিমলুগুৰিৰ বাবে ৰমেন বৰদলৈ,বৰহোলোঙৰ বাবে লক্ষীতা বৰদলৈ, কাঠনীৰ বাবে বিপ্লৱ কুমাৰ ডেকা, টুপগাঁও, হালধীআটী আৰু কটাহগুৰিৰ বাবে সূৰ্য কুমাৰ বৰদলৈ, বোৱালগুৰি, লেলাবৰী, পটীয়াবন্ধা আদিৰ বাবে নীলমণি বৰদলৈ, বৰচিলাৰ বাবে উৎপল বৰদলৈ, বৰমণিপুৰৰ বাবে দ্ৰোণকান্ত বৰদলৈ, বৰচলা পথাৰৰ বাবে ভাস্কৰজ্যোতি পাটৰ, আৰু লোছনাবড়ীৰ বাবে আটাউৰ ৰহমান।

৬ এপ্ৰিল ২০২৩ ত সেই গাঁও প্ৰধান নিযুক্তিৰ ফলাফল মৰিগাঁও জিলা উপাযুক্তই ঘোষণা কৰিলে। মৰিগাঁও ৰাজহ চক্ৰ, মায়ং ৰাজহ চক্ৰ,মিকিৰভেটা ৰাজহ চক্ৰ আৰু লাহৰীঘাট ৰাজহ চক্ৰৰ বাবে মুঠ ৬৬ জন প্ৰাৰ্থীক নিৰ্বাচন কৰা হ'ল গাঁও প্ৰধান পদৰ বাবে। লক্ষণীয় আছিল বিধায়ক ৰমাকান্ত দেউৰীয়ে জিলাখনৰ দুটা বিধানসভা সমষ্টিত বিজেপি বিধায়ক নথকাৰ বাবে লাহৰীঘাট আৰু মিকিৰভেটা ৰাজহ চক্ৰৰ অন্তৰ্গত যি কেইজন লোকক গাঁও প্ৰধান ৰূপে নিযুক্তি দিবলৈ ফৰমাইচ কৰিছিল সেই নিযুক্তি পালে নে নাই?

উল্লেখ্য যে, এই গাঁও প্ৰধানৰ নিযুক্তিৰ বাবে চৰকাৰে বিশেষ অৰ্হতা আৰু নিয়ম বান্ধি দিছিল। আন চৰকাৰী পদৰ দৰে ইয়াত প্ৰাৰ্থীৰ ন্যুনতম অৰ্হতাৰ ৯ নম্বৰ নিয়মত উল্লেখ কৰা হৈছিল যে আবেদনকাৰী কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰিব। এই নিযুক্তিৰ ক্ষেত্ৰত সেই প্ৰধান নিয়মেই ভংগ কৰা হ'ল।

উল্লেখ্য যে, পূৰ্বতে গাঁওবুঢ়া বুলি কোৱা আৰু বৰ্তমান গাঁও প্ৰধান পদতো অতিকৈ গুৰুত্বপূৰ্ণ। এই নিযুক্তি সম্পূৰ্ণ অৰাজনৈতিক। এই পদত নিযুক্তি লাভ কৰা সকলে মাহে ৯০০০ টকাকৈ পাৰিশ্ৰমিক চৰকাৰী ঘৰৰ পৰা লাভ কৰে।

তেনে এক পদৰ নিযুক্তিতো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দেখাত সাধাৰণ কথা হ'লেও কিন্তু বিষয়টো গুৰুত্বপূৰ্ণ নহয়নে? জিলাখনত গাঁও প্ৰধানৰূপে নিযুক্তি লাভ কৰা যিখন তালিকা প্ৰকাশ কৰা হ'ল সেই তালিকাত দেখা পোৱা গ'ল ৰমাকান্ত দেউৰীয়ে ফৰমাইচ কৰা ১০ জনৰ ভিতৰত ৮জনে এই পদত নিযুক্তি লাভ কৰিলে।

এয়াহে এগৰাকী বিধায়কৰ ক্ষমতা। ৰমাকান্ত দেউৰীয়ে ফৰমাইচ কৰা ১ নম্বৰ ব্যক্তিজনৰ নাম- মিকিৰভাটা ৰাজহ চক্ৰৰ বাবে নিৰ্বাচন কৰা গাঁও প্ৰধানৰ চৰকাৰী তালিকাত ১৯ নম্বৰত আছে। নাম তেওঁৰ ৰছিদুল হক। এই ৰাজহ চক্ৰৰ বাবে গাঁও প্ৰধান পদত নিযুক্তি লাভ কৰা ৰমেন বৰদলৈ নাম নিৰ্বাচিত চৰকাৰী তালিকাৰ ১৬ নম্বৰত আছে।

ৰমাকান্ত দেউৰীয়ে মুখ্যমন্ত্ৰীলৈ পঠোৱা তালিকাত ৩ নম্বৰ আৰু ৮ নম্বৰ স্থানত থকা লক্ষীতা বৰদলৈ আৰু দ্ৰোণকান্ত বৰদলৈৰ নাম চৰকাৰী তালিকাত ক্ৰমে ১৫ আৰু ১৪ নম্বৰত আছে। এই ৰাজহ চক্ৰৰ বাবে কিবা কাৰণত দেউৰীয়ে ফৰমাইচ কৰা সূৰ্য কুমাৰ বৰদলৈ আৰু উৎপল বৰদলৈৰ নাম নাহিল যদিও লাহৰীঘাটৰ বাবে তেওঁ দিয়া আটাইকেইজন প্ৰাৰ্থীৰ নাম চৰকাৰী তালিকাত আহিল।

লাহৰীঘাট চক্ৰৰ অন্তৰ্গত গাঁও সমূহৰ বাবে গাঁও প্ৰধানৰূপে নিৰ্বাচিত হ'ল বিপ্লৱ কুমাৰ ডেকা,নীলমণি বৰদলৈ, ভাস্কৰ জ্যোতি পাটৰ আৰু আটাউৰ ৰহমান। জিলা উপাযুক্তই প্ৰকাশ কৰা নিৰ্বাচিত গাঁও প্ৰধানৰ তালিকাত তেওঁলোকৰ নাম সমূহ আহিল ক্ৰমে- ১, ২ আৰু ৯ নম্বৰত।

এইবোৰ তথ্য মিছা নহয়। এইবোৰ কথা সঁচা। মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশনাৰ পাছত বিজেপি কৰ্মীক এনেদৰে গাঁও প্ৰধানৰূপে মৰিগাঁও উপাযুক্তই নিৰ্বাচন কৰিলে। এই সমগ্ৰ ঘটনাৰ পাছত হয়তো বহু যুক্তিয়ে মুখ্যমন্ত্ৰী বা মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে ইয়াক তৰল কৰি যুক্তি দিব। কিন্তু এয়া জানো স্বচ্ছতা?

নিযুক্তি প্ৰক্ৰিয়াত হোৱা অনিয়মৰ নমুনা নহয়নে এয়া? গাঁও প্ৰধানৰ নিযুক্তিতো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কিয় সেই প্ৰশ্ন জানো এতিয়া নুঠিব। যি গৰাকী মুখ্যমন্ত্ৰীয়ে স্বচ্ছ নিযুক্তিৰ কথা কয় তেওঁৰ পৃষ্ঠপোষকতাতেই চোন এই ৰাজনৈতিক নিযুক্তি সম্ভৱ হ'ল।

কোৱা কথা আৰু কৰা কামৰ মাজত থকা পাৰ্থক্যক এই তথ্য সমূহে উদঙাই দিয়ে। কৰবাত নহয় কৰবাত পূৰ্বৰ দৰেই ৰাজনৈতিক হস্তক্ষেপত নিযুক্তি হৈ থকা নাই বুলি কেনেকৈ মানি ল'ব পাৰি?

মৰিগাঁও জিলাৰ প্ৰশাসনেই জানো পাৰিব এইবোৰ কথা অস্বীকাৰ কৰিব। ৰমাকান্ত দেউৰী চৰকাৰৰ ঘৰৰ মানুহ। মীন বিভাগতো আত্মীয় স্বজনক নিযুক্তি দিয়াৰ অভিযোগ আছিল তেওঁৰ বিৰুদ্ধে। ইয়াৰ পাছত শেহতীয়াকৈ এই অভিযোগ।

নিযুক্তিৰ প্ৰক্ৰিয়া স্বচ্ছতা ৰক্ষা কৰিবলৈ এনেবোৰ কাম কৰা উচিত আছিল জানো মুখ্যমন্ত্ৰীৰ? ৰমাকান্ত দেউৰীয়ে চিঠিত উল্লেখ কৰাৰ দৰেই সেই সমষ্টি দুটাত বিজেপি বিধায়ক নথকাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী সকলে নিৰ্বাচিত কৰা প্ৰাৰ্থীক নিযুক্তি দিবলৈ মুখ্যমন্ত্ৰীয়ে কেনেকৈ লিখি দিলে টোকা। কোনোবা মন্ত্ৰী, বিধায়কৰ ভাগিন-ভতিজা হ'লেও চৰকাৰী নিযুক্তিক প্ৰভাৱ খটুৱাব নোৱাৰিব বুলি মুখ্যমন্ত্ৰীয়ে কোৱা কথায়েই চোন প্ৰমাণ হ'ল মিছা।

শেহতীয়া নিযুক্তি প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ মানুহৰ বিশ্বাস উপজিছিল। কিন্তু ৰমাকান্ত দেউৰীৰ এই চিঠি আৰু তৎপৰতাৰে মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাকেই কিছু পৰিমাণে হ'লেও সন্দেহৰ মাজলৈ ঠেলি নিদিলেনে?

লাগে নেকি চৰকাৰী চাকৰি, ৰমাকান্তই লিখি দিব মুখ্যমন্ত্ৰীলৈ চিঠি...
কিয় অশান্ত হ'ল মণিপুৰ?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in