ভাৰত আহিব টেছলা, মোডীৰ আমেৰিকা ভ্ৰমণে দেশক দিব বহু ভাল খবৰ...

ভাৰত আহিব টেছলা, মোডীৰ আমেৰিকা ভ্ৰমণে দেশক দিব বহু ভাল খবৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ ''মই আপোনাৰ অনুৰাগী''- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উদ্দেশ্য কৰি এই মন্তব্য কৰিলে বিশ্বৰ ধনাঢ্য ব্যক্তি ইলন মাস্কে। বৰ্তমান আমেৰিকা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বৃহস্পতিবাৰে বিশ্বৰ কেইবাগৰাকী গন্য মান্য ব্যক্তিক সাক্ষাৎ কৰে মোডীয়ে। ইয়াৰ মাজতে আছিল ইলন মাস্ক।

মোডীৰ লগত হোৱা সাক্ষাতৰ পাছত তেওঁ কয় যে, "প্ৰধানমন্ত্ৰীৰ সৈতে এয়া এক ৰোমাঞ্চকৰ বৈঠক আছিল। মই তেওঁৰ অনুৰাগী। তেওঁ কেইবছৰমান আগতে আমাৰ ফেক্টৰী পৰিদৰ্শন কৰিছিল। সেয়েহে আমি ইজনে সিজনক আগৰ পৰাই চিনি পাঁও''।

ভাৰতৰ ভৱিষ্যতক লৈ আশাবাদী বুলিও কয় তেওঁ। টেছলা ভাৰতলৈ অহা সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয় যে, অতি শীঘ্ৰেই ভাৰতলৈ টেছলা কোম্পানী আহিব।

ইলম মাস্কে মোডীৰ যথেষ্ঠ প্ৰশংসা কৰা দেখা যায়। তেওঁ কয় যে, "প্ৰধানমন্ত্ৰী মোডীয়ে সঁচাকৈয়ে ভাৰতৰ বিষয়ে চিন্তা কৰে কিয়নো তেওঁ আমাক ভাৰতত বিনিয়োগ কৰিবলৈ হেঁচা দি আছে। সেয়া কৰিব আমি বিচাৰো। কেৱল সঠিক সময় আহিব লাগিব। ভাৰতত বিনিয়োগ কৰাৰ বাবে মই আগ্ৰহী''।

উল্লেখ্য যে, ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আমেৰিকা ভ্ৰমণে বিশ্বৰ প্ৰতিখন দেশৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই ভ্ৰমণ ঐতিহাসিক। কিয়নো এয়া মোডীৰ প্ৰথমটো ৰাজকীয় ভ্ৰমণ। অৰ্থাৎ ইয়াৰ পূৰ্বে মোডীয়ে আমেৰিকাত যি ভ্ৰমণ কৰিছিল তাৰ খৰছ ভাৰতে কৰিছিল। কিন্তু এইবাৰ মোডী আমেৰিকাৰ নিমন্ত্ৰণ ক্ৰমে দেশখনলৈ গৈছে।

এই সময়চোৱাত ভাৰত-আমেৰিকাৰ মাজত কেইবাখন চুক্তিও স্বাক্ষৰ হয়। ইয়াৰ লগতে আমেৰিকা- ভাৰতৰ মাজত যে সম্পৰ্ক মজবুত হ'ব সেয়া নিশ্চিত। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০০৮ চনত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক আমেৰিকাই ৰাজকীয় বৈঠকৰ বাবে নিমন্ত্ৰণ কৰিছিল। ইয়াৰ লগতে ১৯৬৩ চনত ভাৰতৰ ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণে আমেৰিকাৰ ৰাজকীয় বৈঠকত অংশ লৈছিল।

ভাৰত আহিব টেছলা, মোডীৰ আমেৰিকা ভ্ৰমণে দেশক দিব বহু ভাল খবৰ...
ৰথীন্দ্ৰ নাথ গোস্বামীলৈ শিশু সাহিত্য় অকাডেমী বঁটা, জিন্তু গীতাৰ্থলৈ যুৱ সাহিত্য অকাডেমী বঁটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in