/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/997e5580-1bba-45a7-b006-a93871885a99/uauau.jpg)
ডিজিটেল ডেস্কঃ অসমীয়া শিশু সাহিত্যৰ জনপ্ৰিয় চৰিত্ৰ “চিচিং”ৰ স্ৰষ্টা আৰু শিশুৰ বাবে প্ৰথম ভ্ৰমণ কাহিনী “বিদেশী বন্ধুৰ দেশত” গ্ৰন্থৰ লেখক ৰথীন্দ্ৰ নাথ গোস্বামীলৈ সাহিত্য অকাডেমী শিশু সাহিত্য বঁটা। চলিত বৰ্ষৰ বাবে গোস্বামীলৈ শিশু সাহিত্য অকাডেমী বঁটা ।
"পোৱালমণি আৰু চিচিঙৰ দু:সাহসিক অভিযান" উপন্যাস খনৰ বাবে গোস্বামীলৈ এই বঁটা আগবঢ়োৱা হয়। শান্তনু তামুলীৰ দ্বাৰা সম্পাদিত জনপ্ৰিয় মাহেকীয়া শিশু আলোচনী 'মৌচাক'ৰ যোগেদি চিচিং নামৰ চৰিত্ৰটিয়ে পাঠকৰ মনত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।চিচিং হৈছে মূলতঃ এটা নিগনী। অসমীয়া শিশু সাহিত্যত তেওঁৰ অৱদান লেখত ল'বলগীয়া।
ইয়াৰ লগতে ঘোষণা কৰা হয় সাহিত্য অকাডেমী যুৱ সাহিত্য অকাডেমী (অসমীয়া) ২০২৩ । জিন্তু গীতাৰ্থলৈ যুৱ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হয়। "মন মৰা তৰা" নামৰ চুটিগল্পৰ কিতাপখনৰ বাবে এই বঁটা।
Also Read: ৰাজ্যৰ ১৩৯ খন কলেজলৈ কাৰণ দৰ্শোৱাৰ জাননীঃ কোন কেইখন মহাবিদ্যালয়ৰ আছে নাম, চাওক তালিকা
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us