টকাৰ বাবে হত্যা কৰিলে প্ৰেমিকাক, ফ্ৰীজত উদ্ধাৰ মৃতদেহৰ টুকুৰা

টকাৰ বাবে হত্যা কৰিলে প্ৰেমিকাক, ফ্ৰীজত উদ্ধাৰ মৃতদেহৰ টুকুৰা

ডিজিটেল ডেস্কঃ দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ। সেই ঘটনাৰ দৰে পুনৰ এক অনুৰূপ ঘটনা সংঘটিত হৈছে হায়দৰাবাদত। এই ঘটনা পোহৰলৈ আহে ২০২৩ চনৰ ১৭ মে'ত যেতিয়া এটা কটা মূৰ উদ্ধাৰ কৰে আৰক্ষীয়ে।

চহৰৰ টিগালাগুডা ৰোডত একাংশ চাফাই কৰ্মচাৰীয়ে কাম কৰি থাকোতে এটা পলিথিন উদ্ধাৰ কৰে। য'ত কিবা বস্তু বান্ধি থোৱা আছিল। যেতিয়া এজন চাফাই কৰ্মীয়ে প্লাষ্টিকৰ পেকেটতো খুলি চাইছিল তেতিয়া এটা কাটি থোৱা মহিলাৰ মূৰ উদ্ধাৰ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁলোকে আৰক্ষীক খবৰ দিছিল।

ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে গম পাই যে উদ্ধাৰ হোৱা মূৰটো ৫৫ বছৰীয়া মহিলা অনুৰাধা ৰেড্ডীৰ। আৰক্ষীয়ে জনাই যে অনুৰাধা পূৰ্বতে এবাৰ বিয়া হোৱা। কিন্তু স্বামীৰ মৃত্যুৰ পাছত তেওঁ প্ৰায় ১৫ বছৰ অকলে আছিল।

তাৰ মাজতে তেওঁ চন্দ্ৰ মোহন নামৰ লোকজনক লগ পাইছিল। চন্দ্ৰমোহন অনুৰাধাতকৈ ৭ বছৰ সৰু আছিল। প্ৰথম অৱস্থাত দুয়োৰে মাজত বন্ধুত্ব হয় আৰু পাছত প্ৰেম। অনুৰাধাই পৰৱৰ্তী সময়ত প্ৰেমিকৰ লগত একেলগে বাস কৰিব লৈছিল।

ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে চন্দ্ৰমোহনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ জেৰাত তেওঁ হত্যাৰ কথা স্বীকাৰ কৰিছে। তেওঁ কয় যে, ঘটনাৰ দিনা অৰ্থাৎ ১২ মে'ত অনুৰাধাৰ লগত তেওঁৰ কাজিয়া হৈছিল। যাৰ বাবে চুৰীৰে হানি খুচি অনুৰাধাক হত্যা কৰে। চন্দ্ৰমোহনে ২০১৮ চনত অনুৰাধাৰ পৰা ৭ লাখ টকা ঋণ লৈছিল। কিন্তু সেই টকা তেওঁ অনুৰাধাক ঘূৰাই দিব পৰা নাছিল। এই টকালৈয়ে তেওঁলোকৰ মাজত কাজিয়া হৈছিল।

হত্যাৰ পাছত চন্দ্ৰমোহনে অনুৰাধাৰ মৃতদেহটো টুকুৰা টুকুৰ কৰিছিল। প্ৰথমে তেওঁ মূৰটো কাটে, পাছত হাত-ভৰি কাটি পলিথিনত ভৰাই থয়। কিন্তু এদিনতে মৃতদেহটো পেলোৱা সম্ভৱ নাছিল যাৰ বাবে টুকুৰাকেইটা ফ্ৰীজত ভৰাই ৰাখিছিল। ঘটনাৰ প্ৰায় ৩ দিন মান পাছত চন্দ্ৰমোহনে অনুৰাধাৰ মূৰটো নদীৰ ওচৰত পেলাই দিছিল। বাকীখিনি ফ্ৰীজতে আছিল। তাৰ মাজতে এই ঘটনা পোহৰলৈ আহে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

টকাৰ বাবে হত্যা কৰিলে প্ৰেমিকাক, ফ্ৰীজত উদ্ধাৰ মৃতদেহৰ টুকুৰা
দুধনৈত পথ দুৰ্ঘটনাঃ খাৱৈত বাগৰি পৰে দুখনকৈ বাহন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in