দুই পত্নীৰ কাজিয়াৰ মাজতেই গুলীচালনা, গুৰুতৰভাৱে আহত স্বামী

দুই পত্নীৰ কাজিয়াৰ মাজতেই গুলীচালনা, গুৰুতৰভাৱে আহত স্বামী

ডিজিটেল ডেস্ক : মধ্য প্ৰদেশৰ ব ভোপালত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা । ভোপালৰ বাসিন্দা তাহেৰ খানৰ বাসগৃহলৈ আহিছিল প্ৰথমা পত্নী অঞ্জুমা ‍আৰু সন্তান । তাহেৰ আৰু অঞ্জুমাৰ মাজত বিবাহ বিচ্ছেদৰ গোচৰ ন্যালায়ত চলি থকাৰ মাজতেই তাহেৰৰ সম্পত্তিৰ এক অংশৰ দাবীৰে উপস্থিৰ হৈছিল অঞ্জুমা । অঞ্জুমাৰ সৈতে তাহেৰৰ বাসগৃহলৈ আহিছিল আন ৩-৪ জন লোক ।

তাহেৰৰ দ্বিতীয়া পত্নী হুমাৰ সৈতে অঞ্জুমা লিপ্ত হৈছিল বাক বিতণ্ডাত আৰু সেই বাক বিতণ্ডাৰ মধ্যস্থতাৰ বাবে তাহেৰো উপস্থিত হোৱাত অঞ্জুমাৰ সৈতে অহা লোকসকলৰ এজনে তাহেৰলৈ লক্ষ্য কৰি গুলীচালনা কৰে । একেই বাক বিতণ্ডাৰ সময়তে আঘাতপ্ৰাপ্ত হয় তাহেৰৰ দ্বিতীয়া পত্নীও ।

দুয়োগৰাকী ভুক্তভোগীক পৰৱৰ্তী সময়ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

উল্লেখ্য যে, দেশত শেহতীয়াকৈ বৃদ্ধি পাইছে গাৰ্হস্থ্য হিংসাৰ ঘটনা । ঘটনাৰ অন্তৰালৰ কাৰণসমূহ একাষৰীয়াকৈ ৰাখিলেও সহজেই এক অপৰাধ সংঘটিত কৰিব পৰা মনোবৃত্তি নিশ্চয়কৈ গৰিহণাৰ যোগ্য ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in