বিজেপিৰ ৰাজ্যিক সভাপতিৰ মন্তব্যত প্ৰতিক্ৰিয়া ইউপিপিএলৰ...

কোকৰাঝাৰ লোকসভা সমষ্টি ইউপিপিএল দলক এৰি দিয়াৰ আশা প্ৰকাশ লৰেঞ্চ ইছলাৰীৰ
বিজেপিৰ ৰাজ্যিক সভাপতিৰ মন্তব্যত প্ৰতিক্ৰিয়া ইউপিপিএলৰ...

ডিজিটেল সংবাদ, কোকৰাঝাৰ : লোকসভা নিৰ্বাচনলৈ এতিয়াও এটা বছৰ বাকী যদিও ইতিমধ্যে লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলৰ মাজত কুচকাৱাজ আৰম্ভ হৈছে । অসমৰ ১৪ খন লোকসভা আসনৰ ভিতৰত কমেও ১২ খন আসন দখল কৰিবলৈ বিজেপিয়ে ৰণকৌশল গ্ৰহণ কৰাত ক্ৰমান্বয়ে কোকৰাঝাৰ লোকসভা সমষ্টিক লৈ ইউপিপিএলৰ অংকত আউল লগা পৰিলক্ষিত হৈছে ।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ পৰা আসনখন কাঢ়ি আনিবলৈ বিজেপিয়ে ৰণকৌশল তৈয়াৰ কৰাৰ সময়তে কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফ দলেও প্ৰাৰ্থী দিব বুলি কেইদিনমান পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰাত এতিয়া সকলোৰে অংকত আউল লাগিছে । সেয়েহে বিজেপিয়ে এতিয়া ইউপিপিএল আৰু বিপিএফ দলক লগত লৈ প্ৰধানমন্ত্ৰীক জয়জয়কাৰ কৰাৰ স্বাৰ্থত নিৰ্বাচনী যুঁজত অবতীৰ্ণ হ'ব বুলি অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ইংগিতপূৰ্ণ মন্তব্য প্ৰদান কৰাৰ পিছতেই ইউপিপিএল শিৱিৰত হাহাকাৰ লাগে ।

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ইংগিতপূৰ্ণ মন্তব্য প্ৰদান কৰাৰ পিছতেই কোকৰাঝাৰত ৰবিবাৰে সাংবাদিকৰ আগত ইউপিপিএলৰ বিধায়ক লৰেঞ্চ ইছলাৰীৱে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আগন্তক ২০২৪-ৰ লোকসভা নিৰ্বাচনকলৈ এনডিএৰ মিত্ৰজোঁটৰ মজিয়াত বৰ্তমানলৈকে কোনো ধৰণৰ আলোচনা হোৱা নাই ৷ তেনেক্ষেত্ৰত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই সাংবাদিকৰ আগত যি মন্তব্য আগবঢ়াইছে সেয়া তেওঁৰ ব্যক্তিগত মন্তব্য হ'ব পাৰে বুলি মন্তব্য কৰিছে লৰেঞ্চ ইছলাৰীৱে।

কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএল আৰু বিপিএফ দলক একেলগে লগত লৈ নিৰ্বাচন খেলা কথাটো হ'ব নোৱাৰে কিয়নো বিপিএফ দল এতিয়াও এনডিএত চামিল হোৱা নাই নাইবা অংশীদাৰী দলেও নহয় ৷ অসম বিধানসভাত বিপিএফৰ তিনি বিধায়কক ফ্ল’ৰ কো-অৰ্ডিনেছন হিচাপে হে লোৱা হৈছে আৰুবিপিএফ বৰ্তমানলৈকে এনডিএ মিত্ৰহোঁটত নাই ।

কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএল আৰু বিপিএফয়ে একেলগে নিৰ্বাচন খেলিব বিচৰা প্ৰসংগ একেষাৰে নুই কৰি বিষয়টো মিত্ৰদল বিজেপি ইউপিপিএল আৰু অগপৰ মাজত দলীয়ভাৱে এই সন্দৰ্ভত কোনো ধৰনৰ আলোচনা এতিয়ালৈ হোৱা নাই । সকলো বিষয়বস্তুবোৰ এটা চিষ্টেমত যাব আৰু ৰাজ্যসভাৰ এখন আসন পোৱাৰ দৰে লোকসভাতো ইউপিপিএলক এখন আসন মিত্ৰগোটে এৰি দিব বুলি আশা প্ৰকাশ কৰি লৰেঞ্চ ইছলাৰ কয় যে ৰাজ্যৰ বাকী থকা ১৩ টা লোকসভা সমষ্টিত মিত্ৰদলক ইউপিপিএল দলে সহায় কৰিব বুলি মন্তব্য কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in