/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3b18e344-f2d5-4082-9f39-c258f8349b62/AP_FOR_WEB_murder.jpg)
ডিজিটেল ডেস্কঃ এজনীৰ পাছত আনজনীক বিয়া পাতি অত্যাচাৰ আৰু পৰৱৰ্তী সময়ত এগৰাকী পত্নীক হত্যা কৰিলে এজন পাষাণে। এই ঘটনা ঝাৰখণ্ডৰ গিৰিদিহ জিলা।
জানিব পৰা মতে ৰামচন্দ্ৰ তুৰী নামৰ লোকজনে ১২ বাৰকৈ বিয়া পাতিছিল। তেওঁয়েই হত্যা কৰে ১২ নম্বৰ পত্নী গৰাকীক। আন ১১ গৰাকী পত্নীকো তেওঁ অত্যাচাৰ কৰিছিল।
ৰামচন্দ্ৰই দেওবাৰে পত্নী সাৱেত্ৰী দেৱী(৪০)। সাৱেত্ৰীক লাঠীৰে মৰিয়াই মৰিয়াই হত্যা কৰে ৰামচন্দ্ৰই। সাৱেত্ৰীৰ ৩ টা লৰা আৰু ১ গৰাকী কন্যা সন্তান আছিল।
ঘটনাৰ দিনা ৰামচন্দ্ৰই পত্নীৰ সৈতে সুৰাপান কৰি আছিল। তেতিয়াই তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। কাজিয়া ইমানই বাঢ়ি যায় যে লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰে মহিলা গৰাকীক। সোমবাৰে পোহৰলৈ আহে এই ঘটনা।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰামচন্দ্ৰই ১১ বাৰ বিয়া পাতিছিল। প্ৰতি গৰাকী মহিলাৰ লগতে তেওঁ অত্যাচাৰ কৰিছিল যাৰ বাবে এৰি এৰি গৈছল। বৰ্তমান অভিযুক্তক আৰক্ষীয়ে আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
Also Read: কামাখ্যা দেৱীক সন্তুষ্ট কৰিবলৈ নৰবলি! মাজনিশা শ্মশানত পূজা আৰু...