কামাখ্যা দেৱীক সন্তুষ্ট কৰিবলৈ নৰবলি! মাজনিশা শ্মশানত পূজা আৰু...

অসমত নৰবলিৰ ঘটনা। কামাখ্যা দেৱীক সন্তুষ্ট কৰিবলৈ একাংশই নৰবলিৰ দৰে ঘটনা সংঘটিত কৰাৰ কথা পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
কামাখ্যা দেৱীক সন্তুষ্ট কৰিবলৈ নৰবলি! মাজনিশা শ্মশানত পূজা আৰু...

ডিজিটেল ডেস্কঃ অসমত নৰবলিৰ ঘটনা। কামাখ্যা দেৱীক সন্তুষ্ট কৰিবলৈ একাংশই নৰবলিৰ দৰে ঘটনা সংঘটিত কৰাৰ কথা পোহৰলৈ আহিছে। অম্বুবাচীৰ সময়ত সংঘটিত হৈছিল এই ঘটনা।

Advertisment

২০১৯ চনৰ ১৯ জুনত সংঘটিত হৈছিল নৰবলিৰ ঘটনা। এই ঘটনা সন্দৰ্ভত মঙলবাৰে গুৱাহাটী আৰক্ষী আয়ুক্তই সংবাদমেল সম্বোধন কৰি সৱিশেষ জনায়। আৰক্ষী আয়ুক্তই কয় যে, প্ৰদীপ পাঠক ওৰফে দিনেশ নামৰ লোকজন তান্ত্ৰিক ঘটনাৰ ওপৰত বিশ্বাসী। তেওঁৰ ভাতৃ আছিল নগা সাধু। এই ঘটনাৰ ১১ বছৰ আগতে সেই ১৮ তাৰিখে তেওঁৰ মৃত্যু হৈছিল।

প্ৰদীপ পাঠকৰ লগত আন এজন সাধু অম্বুবাচী মেলালৈ আহিছিল। ১৮ জুনত তেওঁলোকে শিৰচ্ছেদ কৰিবলৈ এখন দা ফেঞ্চি বজাৰৰ পৰা কিনি লৈছিল। তাৰ পাছতে সন্ধিয়া তেওঁলোক পূজাৰ পৰিকল্পনা কৰি ভূতনাথলৈ যায়। তাত তেওঁলোকে গ'ম পাই কানু তান্ত্ৰিকৰ কথা।

তাৰ পাছতেই মাজনিশা ভূতনাথ শ্মশানত ১২ জন লোকৰ উপস্থিতিত পূজা হৈছিল। তাত আছিল- সুৰেশ পাচৱান (গুৱাহাটী), প্ৰদীপ পাঠক(মধুৰা), প্ৰদীপ পাঠকৰ লগত অহা সাধু বাবা, পশ্চিমবংগৰ পৰা অহা সাধু বাবা, ভুক্তভোগী আৰু এগৰাকী মহিলা, ৰাজু বাবা(ভূতনাথত থাকে) আদি। তেওঁলোকৰ মতে সেই পূজাৰ নাম আছিল 'কপালী পূজা'। বিশ্ব শান্তিৰ বাবে তেওঁলোকে এই পূজা কৰাৰ দাবী কৰে।

যাক বলি দিব সেয়া তেওঁলোকে আগতেই ঠিক কৰিছিল কিন্তু ভুক্তভোগীয়ে গ'ম পোৱা নাছিল। মহিলা গৰাকীয়ে পিন্ধি অহা কাপোৰ সলাই তেওঁক গেৰুৱা ৰঙৰ বস্ত্ৰ পৰিধান কৰিবলৈ দিছিল। তাৰ পাছত আটাইয়ে মিলি সুৰাপান কৰিছিল আৰু ভুক্তভোগী মহিলা গৰাকীকো সুৰা পান কৰাইছিল।

তাৰ পাছত তেওঁলোক কামাখ্যালৈ গৈছিল। প্ৰথমে কামাখ্যা মন্দিৰৰ ওচৰত থকা বগলা মন্দিৰ শ্মশানত পূজা কৰে, শ্মশানৰ ছাইৰ ফোট লৈ জয় দুৰ্গা মন্দিৰলৈ নামি আহে। তাতো তেওঁলোকে পূজা কৰে। তাতেই তেওঁলোকে মহিলা গৰাকীক বলি দিয়ে। ঘটনাৰ পাছত ভুক্তভোগীৰ ছিন্নমুণ্ডা ব্ৰহ্মপুত্ৰত দলিয়াই দিয়ে অভিযুক্ত সকলে।

নৰবলি দিয়া মহিলা গৰাকীৰ নাম শান্তি শ্ব'(৬৪)। তেওঁৰ ঘৰ পশ্চিমবংগৰ হুগলীৰ তাতীপাৰাত। মহিলা গৰাকী প্ৰতিবছৰেই আহিছিল অম্বুবাচী মেলালৈ। তেওঁ অৱগত নাছিল যে তেওঁক বলি দিয়া হ'ব।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ৫ জনক গ্ৰেপ্তাৰ কৰিছে আৰু বাকী খিনিক লৈ তদন্ত অব্যাহত ৰাখিছে। এতিয়াও আৰক্ষীয়ে বহু অভিযুক্তক চিনাক্ত কৰিব পৰা নাই।

অন্যহাতে ঘটনাৰ মূল অভিযুক্ত বা কি কাৰণে এই ঘটনা সংঘটিত হ'ল এতিয়ালৈ পোহৰলৈ অহা নাই। আৰক্ষীৰ মতে প্ৰদীপ পাঠক নামৰ লোকজন অন্ধবিশ্বাসী।তেওঁৰ তত্বাৱধানতেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

Also Read: অৱশেষত চাওমিন কাণ্ডৰ অভিযুক্ত ৰাজু হোটেলৰ স্বত্বাধিকাৰী প্ৰতাপ দাসক গ্ৰেপ্তাৰ ...

Assam police