/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/769b2208-35bd-415f-8cdc-8242a5bb47ff/AP_FOR_WEB_himu_.jpg)
ডিজিটেল ডেস্কঃ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে দেওবাৰে এখন সংবাদ মেল সম্বোধন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। দিছপুৰত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রী গৰাকীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অৰ্থে ৰাইজক বিশেষ আহ্বান জনায়। তলত সৱিশেষ উল্লেখ কৰা হ'ল-
-
২২ জানুৱাৰীত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান।
-
প্রাণ প্রতিষ্ঠাৰ দিনটোত সকলো উপসনাস্থলীত স্বচ্ছ অভিযান।
-
২ বজাৰ পিছত খুলিব লাগিব চৰকাৰী কাৰ্যালয়।
-
প্রাণ প্রতিষ্ঠাৰ সময়ত ব্যৱসায়িক প্রতিষ্ঠানসমূহো বন্ধ ৰখাৰ আহ্বান।
-
প্রতি ঘৰতে এগছি বন্তি জ্বলোৱাৰ প্রধানমন্ত্রীৰ আৱেদন সফল কৰক।
-
আলোকৰ ব্যৱস্থাৰে আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰাৰো আহ্বান।
-
আই-মাতৃসকলক নামঘৰত ৰাম কীৰ্তন কৰাৰ আহ্বান।
-
বিয়লি ৪ বজালৈকে মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ আহ্বান।
-
ৰেষ্টুৰেণ্টসমূহতো দিনৰ ২ বজালৈকে আমিষ খাদ্য খুৱাব নোৱাৰিব।
-
সকলো ধৰ্মাৱলম্বী লোককে খন্তেক প্রাৰ্থনাৰ আহ্বান মুখ্যমন্ত্রীৰ।
-
সাম্প্রদায়িক শান্তি-সম্প্রীতি বৰ্তাই ৰখাৰ আহ্বান মুখ্যমন্ত্রীৰ।
-
স্পৰ্শকাতৰ এলেকাত নিৰাপত্তা সুনিশ্চিত কৰাৰ নিৰ্দেশ।
-
সকলো আয়ুক্তকে শান্তিপূৰ্ণ পৰিৱেশ নিশ্চিত কৰাৰ নিৰ্দেশনা।
-
কাইলৈ ৰাহুল গান্ধীক ২ বজাৰ পিছত বটদ্ৰৱা যাবলৈ আহ্বান।
-
কাইলৈ দিনটোৰ কাৰ্যসূচী বাতিল কৰিলে অসমৰ ৰাইজ কৃতাৰ্থ হ’ব।
-
ৰাম মন্দিৰ আৰু বটদ্রৱাৰ মাজত কোনো প্রতিযোগিতা হ’ব নালাগে।
Also Read: ব্যৱসায়ী তথা প্ৰাক্তন আলফা নেতা শৈলেন্দ্ৰ কোঁৱৰ দত্তৰ মৃত্যু