''মই মোৰ পত্নীক হত্যা কৰিছো'' আৰক্ষীলৈ এটা ফোন আৰু পাছত...

এটা ফোনে বিপাঙত পেলাইছে আৰক্ষীক। দিল্লী আৰক্ষীয়ে মঙলবাৰে পুৱা এজন মানুহৰ পৰা ফোন পাইছিল।

author-image
Asomiya Pratidin
New Update
''মই মোৰ পত্নীক হত্যা কৰিছো'' আৰক্ষীলৈ এটা ফোন আৰু পাছত...

ডিজিটেল ডেস্ক: এটা ফোনে বিপাঙত পেলাইছে আৰক্ষীক। দিল্লী আৰক্ষীয়ে মঙলবাৰে পুৱা এজন মানুহৰ পৰা ফোন পাইছিল। তেওঁ কৈছিল যে তেওঁ তেওঁৰ পত্নীক হত্যা কৰিছে।

Advertisment

আৰক্ষীয়ে প্ৰথমতে কথাতো বিশ্বাস কৰা নাছিল। কিন্তু সেই ফোনৰ আঁত ধৰি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছিল। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে এগৰাকী মহিলাক মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ কৰিছিল।

মহিলাগৰাকীক আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰিছিল।

দিল্লীৰ হৰ্ষ বিহাৰৰ আৰক্ষীয়ে পুৱা ৮.১০ বজাত এই ফোনটো পাইছিল। আৰক্ষীক ফোন কৰা যুৱকজনৰ নাম যোগেশ কুমাৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে যোগেশক গ্ৰেপ্তাৰ কৰিছে।

প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে পৰিয়ালটোৱে আৰ্থিক সংকটৰ সন্মুখীন হৈছিল আৰু যোগেশৰ পত্নী অৰ্চনাই বিভিন্ন জনৰ ঋণ লৈছিল। ইয়াক লৈয়ে দুয়োৰে মাজত কাজিয়া হৈছিল আৰু যোগেশে পত্নীক ডিঙি চেপি হত্যা কৰিছিল।

আৰু পঢ়ক: চিৰাং জিলাৰ বনভোজ স্থলী সমূহত মুকলি মদ বিক্ৰী, উচ্চ প্ৰাবল্যৰ যন্ত্ৰ সংগীতৰ ব্যৱহাৰ বন্ধ কৰাৰ দাবী

delhi murder case