চিৰাং জিলাৰ বনভোজ স্থলী সমূহত মুকলি মদ বিক্ৰী, উচ্চ প্ৰাবল্যৰ যন্ত্ৰ সংগীতৰ ব্যৱহাৰ বন্ধ কৰাৰ দাবী

গুণগত শিক্ষাৰ দিশত অতিকৈ পিচপৰা জিলা হিচাপে চিহ্নিত চিৰাং জিলাৰ শিক্ষাৰ প্ৰতি দায়বদ্ধতা দেখুৱাই নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু ফালৰ পৰা এক প্ৰশসংনীয় পদক্ষেপ গ্ৰহণ কৰি চিৰাং জিলা উপায়ুক্ত পি, বিজয় ভাস্কৰ ৰেড্ডীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে ।
চিৰাং জিলাৰ বনভোজ স্থলী সমূহত মুকলি মদ বিক্ৰী, উচ্চ প্ৰাবল্যৰ যন্ত্ৰ সংগীতৰ ব্যৱহাৰ বন্ধ কৰাৰ দাবী

ডিজিটেল সংবাদ, চিদলী : গুণগত শিক্ষাৰ দিশত অতিকৈ পিচপৰা জিলা হিচাপে চিহ্নিত চিৰাং জিলাৰ শিক্ষাৰ প্ৰতি দায়বদ্ধতা দেখুৱাই নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু ফালৰ পৰা এক প্ৰশসংনীয় পদক্ষেপ গ্ৰহণ কৰি চিৰাং জিলা উপায়ুক্ত পি, বিজয় ভাস্কৰ ৰেড্ডীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে । ইংৰাজী নৱবৰ্ষ আগমনৰ প্ৰাকমূহূৰ্ত্তত সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলাতো পিকনিক স্পট তথা বনভোজ স্থলীত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে ।

বনভোজ আৰু পৰ্য্যটনৰ নামত জিলাখনৰ বিভিন্ন এলেকাত নতুন নতুন বনভোজ স্থলী স্থাপন কৰা দেখিবলৈ পোৱা গৈছিল। তাৰে কিছু সংখ্যক বনভোজ স্থলী ৰাইজ তথা পৰ্যটকৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল । তাৰে জনপ্ৰিয়তা লাভ কৰা অধিকাংশ বনভোজ স্থলীতে অবাধে মদ বিক্ৰী, মুকলি মদ্যপান আৰু উচ্চ প্ৰাবল্যৰ যন্ত্ৰ সংগীতৰ শব্দই পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।

বিশেষকৈ বনভোজৰ নামত বনভোজ স্থলীত নিশালৈকে উচ্চ প্ৰাবল্যৰ যন্ত্ৰ সংগীত আৰু নৃত্য-গীতৰ অনুষ্ঠানে বনভোজ স্থলীৰ ওচৰ পাজৰৰ শৈক্ষিক বিনষ্ট হোৱাৰ আশংকা প্ৰকাশ কৰিছে চিৰাং জিলা এবছুয়ে । সদ্যহতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাছনি আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল প্ৰকাশ পাইছে কিন্তু সেই ফলাফল যথেষ্ট হতাশাজনক বুলি উদ্বেগ প্রকাশ কৰে ছাত্ৰ সংগঠনটোয়ে ।

তেনে ক্ষেত্ৰত চিৰাং জিলাত নতুন নতুন পিকনিক স্পট বা বনভোজ স্থলীৰ সংখ্যা যিহাৰে বৃদ্ধি পাইছে যিটো এক চিন্তনীয় বিষয় হৈ পৰিছে বুলি স্মাৰক পত্ৰত উল্লেখ কৰা হৈছে । ইয়াৰ কুপ্ৰভাৱ জিলাখনৰ ভিতৰুৱা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী লগতে কিশোৰ-কিশোৰী সকলৰ পঢ়া-শুনাৰ ক্ষেত্ৰত পৰাৰ আশংকা প্ৰকাশ কৰিছে । চিৰাং জিলাৰ শিক্ষাৰ মানদণ্ড তথা পৰিৱেশ উন্নত কৰিবলৈ ইয়াৰ পূৰ্বেও চিৰাং জিলা প্ৰশাসনৰ পৰা বিভিন্ন পূজা-মেলাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল আৰু তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইবেলি পিকনিক স্পট তথা বনভোজ স্থলীৰ আয়োজক সকলক অনুমতি দিয়াৰ সময়ত কঠোৰ নীতি নিয়ম বান্ধি দি সময়ে সময়ে বনভোজ স্থলীত নিৰীক্ষণ দাবী তোলে।

স্মাৰক পত্ৰ খনত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ফালৰ বনভোজ স্থলী সমূহ বিয়লি ৪.০০ বজাত বন্ধ কৰা, বনভোজ স্থলীত সুৰা, ড্ৰাগছ আদিৰ বিক্ৰী বন্ধ কৰা উচ্চ প্ৰাবল্যৰ সংগীত বজোৱা আৰু ডিজে বজোৱা বন্ধ কৰা আৰু বনভোজ স্থলীৰ অধিকতম সময়সীমা ১০ দিন কৰাৰ দাবী উত্থাপন কৰা হৈছে ।

চিৰাং জিলাত ইতিমধ্যেই জনপ্ৰিয় হোৱা ৰুণীখাতা থানা এলেকাৰ মুনাবিলি পিকনিক স্পট আৰু ইক’ টুৰিজিম, নিজলা পিকনিক স্পট, সূৰ্য্য উদয় পিকনিক স্পট,আই প'আলি পিকনিক স্পট , চিদলী থানা এলেকাৰ লাওচিয়ান পিকনিক স্পট, ঢালিগাঁও থানা এলেকাৰ ভূমেশ্বৰ পিকনিক চফ্ট এণ্ড ইক’ টুৰিজিম, আমগুৰী থানা এলেকাৰ আই ব্ৰীজ পিকনিক স্পট, কালামটি ইক’ টুৰিজিম আৰু পিকনিক স্পট আৰু বিজনী এলেকাৰ ৰাণী গাথুন পিকনিক স্পটৰ নাম বিশেষ ভাবে স্মাৰক পত্ৰ খনত উল্লেখ কৰা হৈছে । এই স্মাৰক পত্ৰ লাভ কৰাৰ পিছত জিলা প্ৰশাসনৰ পৰা এই ক্ষেত্ৰত কি ব্যবস্থা গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষ্যনীয় হ'ব ।

আৰু পঢ়ক: নিবনুৱা যুৱকক ৰেলৱে কেন্টিন লিজত দিয়াৰ নামত টকা সংগ্ৰহ, প্ৰৱঞ্চকক আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in