গৃহ বিভাগৰ পৰা আঁতৰিব শ্বাহ ! ৰাজনাথ, নিৰ্মলাৰ কান্ধতে পৰিব গধূৰ দায়িত্ব...

সোমবাৰে বিয়লি নৰেন্দ্ৰ মোডীৰ কেবিনেট বৈঠকৰ পাছতে নিশ্চিত হ'ব দায়িত্ব
গৃহ বিভাগৰ পৰা আঁতৰিব শ্বাহ ! ৰাজনাথ, নিৰ্মলাৰ কান্ধতে পৰিব গধূৰ দায়িত্ব...
গৃহ বিভাগৰ পৰা আঁতৰিব শ্বাহ ! ৰাজনাথ, নিৰ্মলাৰ কান্ধতে পৰিব গধূৰ দায়িত্ব...

ডিজিটেল ডেস্কঃ দেওবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডীয়ে শপতগ্ৰহণ কৰাৰ সমান্তৰালকৈ আন ৭১ জন সাংসদে মন্ত্ৰী শপতগ্ৰহণ কৰিলে। কিন্তু এই পৰ্যন্ত এই মন্ত্ৰীসকলৰ মাজত বিভাগসমূহ বিতৰণ কৰা হোৱা নাই।

এনে প্ৰেক্ষাপটত কোনে কি বিভাগৰ দায়িত্ব লাভ কৰিব তাক লৈ ব্যাপক চৰ্চা চলিছে। এনে চৰ্চাৰ মাজতে একাধিক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এক ডাঙৰ খবৰ। এই খবৰ অনুসৰি ২০১৯ ৰ পৰা দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দায়িত্ব পালন কৰি থকা অমিত শ্বাহে এইবাৰ লাভ নকৰিব পাৰে এই দায়িত্ব।

প্ৰধানমন্ত্ৰী মোডীয়ে গৃহ বিভাগ এইবাৰ অমিত শ্বাহৰ হাতত দিবলৈ আগ্ৰহী নহয়। ইয়াৰ পৰিৱৰ্তে তেওঁৰ হাতত প্ৰদান কৰিব পাৰে বিত্ত বিভাগহে। অমিত শ্বাহৰ পৰিৱৰ্তে এইবাৰ গৃহ মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৰাজনাথ সিঙৰ।

মোডীৰ দ্বিতীয় কাৰ্যকালত প্ৰতিৰক্ষা বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰা ৰাজনাথ সিঙেই পৰৱৰ্তী গৃহ মন্ত্ৰী হোৱাৰ অধিক সম্ভাৱনা আছে। দেশৰ প্ৰথমগৰাকী মহিলা প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে ইতিমধ্যে দায়িত্ব পালন কৰি অভিজ্ঞতা আহৰণ কৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক এইবাৰ পুনৰ প্ৰতিৰক্ষা বিভাগৰ দায়িত্ব দিয়াৰ সম্ভাৱনা অধিক।

উল্লেখ্য যে, গুজৰাটৰ 'ষ্ট্ৰং মেন' হিচাপে পৰিচিত অমিত শ্বাহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অতি ঘনিষ্ঠ বুলিয়েই পৰিচিত। দুয়োৰে মাজৰ সম্পৰ্ক কেইবা দশক পুৰণি। এসময়ত দুয়োৱে একেলগে পালন কৰিছিল গুজৰাটত দলীয় দায়িত্ব।

এইবাৰ নিৰ্বাচনত গুজৰাটৰ গান্ধী নগৰ সমষ্টিৰ পৰা ৭.৪ লাখ ভোটত বিজয়ী হৈছে শ্বাহ। ইয়াৰ পৰিৱৰ্তী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বাৰণাসী সমষ্টিৰ পৰা মাত্ৰ ডেৰ লাখ ভোটতহে বিজয় সাব্যস্ত কৰিছে।

সোমবাৰে বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বহিব কেবিনেট বৈঠকত। তাৰ পাছতেই কোনে, কি বিভাগ লাভ কৰে সেয়া নিশ্চিত হৈ পৰিব বুলি আশা কৰা হৈছে। দেওবাৰে নৰেন্দ্ৰ মোডীৰ সৈতে শপত গ্ৰহণ কৰা মুঠ ৭২ জন সাংসদৰ ভিতৰত ৩০ জন পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী হোৱাৰ লগতে ৩৬ জন ৰাজ্যিক মন্ত্ৰী। অৱশিষ্টসকল স্বতন্ত্ৰ দায়িত্ব প্ৰাপ্ত মন্ত্ৰী।

যিহেতু এইবাৰ বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে সেয়ে বহু কেইটা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব বিজেপিৰ মিত্ৰদলৰ সাংসদৰ হাতলৈ যোৱাটো একপ্ৰকাৰে নিশ্চিত। সেয়ে এইবাৰ মোডী মন্ত্ৰীসভাত পূৰ্বে গধূৰ দায়িত্ব লাভ কৰা বহুতৰে হয়তো এইবাৰ দায়িত্ব সলনি হ’ব।

গৃহ বিভাগৰ পৰা আঁতৰিব শ্বাহ ! ৰাজনাথ, নিৰ্মলাৰ কান্ধতে পৰিব গধূৰ দায়িত্ব...
চিনেমা শ্বুটিঙৰ বাবে মন্ত্ৰী পদ ত্যাগৰ বাতৰিক অস্বীকাৰ সাংসদ সুৰেশ গোপীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in