নকল সোণ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰেপ্তাৰ এজনৰ পাছত আনজন...

নকল সোণ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰেপ্তাৰ এজনৰ পাছত আনজন...

ডিজিটেল ডেস্ক : ৰাজ্যত বৰ্তমান সময়ত চৰ্চা লাভ কৰা এটা বিষয় হৈছে নকল সোণ। মৰিকলং টাউন আৰক্ষী চকীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে এই বিষয়টোয়ে অধিক চৰ্চা লাভ কৰিছে। সমান্তৰালভাবে পোহৰলৈ আহিছে বহু ন-ন তথ্য, আটক হৈছে ৰাজ্যৰ ৭১ জনৰো অধিক লোক।

তেনে সময়তে অবৈধ ব্যৱসায়ৰ ঘাটিত পৰিণত হোৱা শোণিতপুৰ জিলাৰ গুদামঘাটতো আৰক্ষীৰ অভিযান তীব্ৰতৰ হোৱা দেখিবলৈ পোৱা গৈছে। চাৰিদুৱাৰ আৰক্ষী থানাৰ অধীনৰ গুদামঘাটত শণিবাৰে আৰক্ষীয়ে নকল সোণৰ বিৰুদ্ধে অভিযান চলায়। অভিযানত পুৱতি নিশা চাৰিদুৱাৰ আৰক্ষীয়ে নকল সোণ সহ আটক কৰে সাতজনকৈ নকল সোণ সৰবৰাহকাৰী তথা কুখ্যাত ব্যৱসায়ীক ৷

গুদামঘাটৰ এঘৰৰ পৰা আৰক্ষীয়ে নকল সোণৰ বিস্কুট আৰু নকল সোণৰ নাও জব্দ কৰে। যাৰ ওজন প্ৰায় ৩ কেজি । আটকাধীন লোককেইজন বাহাৰুল আলি(২৪), লিয়াফট আলি(৩৮), হাবিবুৰ ইছলাম(৩০), ৰবিকুল ইছলাম(২৩), নিজামউদ্দিন(২৬), আব্দুল ছালাম(৩৯) আৰু হাৰমুজ আলি(২০)।

নকল সোণ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰেপ্তাৰ এজনৰ পাছত আনজন...
প্ৰসংগ-নকল সোণ: লখিমপুৰত গহপুৰ আৰক্ষীৰ নগদ সোণ-টকা জব্দ, গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in