দেশৰ আভ্যন্তৰণী নিৰাপত্তা, জনবিন্যাস সুৰক্ষিত কৰাৰ লক্ষ্যৰে কঠোৰ সিদ্ধান্ত...

দেশৰ আভ্যন্তৰণী নিৰাপত্তা, জনবিন্যাস সুৰক্ষিত কৰাৰ লক্ষ্যৰে কঠোৰ সিদ্ধান্ত...
দেশৰ আভ্যন্তৰণী নিৰাপত্তা, জনবিন্যাস সুৰক্ষিত কৰাৰ লক্ষ্যৰে কঠোৰ সিদ্ধান্ত...

ডিজিটেল ডেস্কঃ দেশৰ আভ্যন্তৰীণ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বন্ধ কৰা হ'ল ভাৰত আৰু ম্যানমাৰৰ মাজৰ অবাধ যাতায়াত। বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে দেশৰ নিৰাপত্তা, জনবিন্যাস সুৰক্ষিত কৰি ৰাখিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা গৃহমন্ত্ৰী অমিত শ্বাহে জনাইছে।

উল্লেখ্য যে, চুবুৰীয়া ম্যানমাৰৰ আভ্যন্তৰীণ ৰাজনৈতি, সামাজিক পৰিৱেশ সুস্থিৰ হৈ থকা নাই। সামৰিক শাসন চলি থকা ৰাষ্ট্ৰখনত আৰম্ভ হৈছে গণ বিদ্ৰোহ। সমান্তৰালকৈ দেশখনৰ ৰাখাইন প্ৰদেশ অতি অশান্ত হৈ পৰিছে। এনে পৰিস্থিতিত ভাৰত-ম্যানমাৰ সীমান্ত বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে গৃহমন্ত্ৰণালয়ে।

ইয়াৰ পূৰ্বে ৰাখাইন প্ৰদেশ অশান্ত হৈ পৰাৰ খবৰ লাভ কৰাৰ লগে লগে ভাৰতীয় লোকসকলক এই প্ৰদেশখনলৈ অবাধে অহা-যোৱা নকৰিবলৈ আহ্বান জনাইছিল। তাৰ পাছতে বৃহস্পতিবাৰে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰণালয়ে এক নিৰ্দেশনা জাৰি কৰিছে।

এই সন্দৰ্ভত অমিত শ্বাহে এক্সত লিখিছে- দেশৰ সীমান্তসমূহ সুৰক্ষিত ৰাখিবলৈ বদ্ধপৰিকৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সেয়ে গৃহমন্ত্ৰণালয়ে সিদ্ধান্ত লৈছে, ম্যানমাৰ আৰু ভাৰতৰ ফ্ৰী মুভমেণ্ট ৰেজিম বন্ধ ৰখা হ'ব। দেশৰ সুৰক্ষা আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ জনবিন্যাস নিয়ন্ত্ৰণত ৰখাৰ বাবেই এই সিদ্ধান্ত।

স্মৰ্তব্য যে, দীৰ্ঘদিন ধৰি ভাৰত আৰু ম্যানমাৰ মাজত আছে ফ্ৰী মুভমেণ্ট ৰেজিম। কোনো নথিপত্ৰ অবিহনেই সীমান্ত পাৰ হৈ দুয়ো দেশৰ ১৬ কিলোমিটাৰ আভ্যন্তৰলৈ যাব পাৰে দুয়ো দেশৰ নাগৰিক। কিন্তু এতিয়া সেই সুবিধা নাপাব।

ইফালে চলিত সপ্তাহৰ আৰম্ভণিতে অমিত শ্বাহে জনাইছিল ম্যানমাৰ সীমান্তৰ ১৬৪৩ কিলোমিটাৰ অঞ্চল কাঁটা তাঁৰেৰে বেৰ দিয়া হ'ব। এই অঞ্চলত কঠোৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হ'ব।

এই অঞ্চলৰ জৰিয়তেই উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ নিষিদ্ধ ঘোষিত সংগঠনসমূহে ম্যানমাৰত থকা শিবিৰলৈ অবাধে চলাচল কৰি আহিছে। আনহাতে মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ আৰু মেইটেইসকলৰ ভৱিষ্যতৰ কথা মনত ৰাখি এই অঞ্চলত কাইটিয়া বেৰা দিয়াৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে, মণিপুৰৰ কুকিসকলৰ ম্যানমাৰৰ শ্বীন প্ৰদেশৰ কুকিসকলৰ সৈতে এক সম্পৰ্ক আছে। এই দাবী মেইটেইসকলৰ। এই লোকসকলে ফ্ৰী মুভমেণ্ট অঞ্চলৰ সুবিধাৰ অপব্যৱহাৰ কৰি ভাৰতত ম্যানমাৰৰ কুকিসকলে অনুপ্ৰৱেশ কৰি মণিপুৰৰ হিংসাত্মক পৰিস্থিতিত অৰিহণা যোগাই আহিছে।

দেশৰ আভ্যন্তৰণী নিৰাপত্তা, জনবিন্যাস সুৰক্ষিত কৰাৰ লক্ষ্যৰে কঠোৰ সিদ্ধান্ত...
ইণ্ডিয়াত আউলঃ আপে দিল্লীত ঘোষণা কৰিলে ডিব্ৰুগড়, তেজপুৰ আৰু গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in