ইণ্ডিয়াত আউল
ইণ্ডিয়াত আউল

ইণ্ডিয়াত আউলঃ আপে দিল্লীত ঘোষণা কৰিলে ডিব্ৰুগড়, তেজপুৰ আৰু গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম...

ডিজিটেল ডেস্কঃ অসমতো ইণ্ডি মৰ্চাৰ ইতি পৰিল। বিহাৰ, পশ্চিম বংগৰ পাছত এইবাৰ অসমতো যেন কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা ইণ্ডি মৰ্চাৰ কোনো ফল নধৰিল। বৃহস্পতিবাৰে আপৰ ৰাষ্ট্ৰীয় নেতৃত্বই দিল্লীত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অসমৰ তিনি সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পাচতে ইণ্ডি মৰ্চাৰ ইতি পৰিল বুলি আওপকীয়াকৈ ঘোষণা হ’ল।

আপৰ ৰাষ্ট্রীয় নেতৃত্বই ঘোষণা কৰা অনুসৰি, আগন্তুক লোকসভা নিৰ্বাচনত আপৰ গুৱাহাটীত প্রাৰ্থী হ’ব সভাপতি ড০ ভবেন চৌধুৰী,  তেজপুৰত প্রাৰ্থী হ’ব ঋষিৰাজ কৌণ্ডিণ্য আৰু  ডিব্রুগড় সমষ্টিত আপৰ প্রাৰ্থী হ’ব মনোজ ধানোৱাৰ। আগন্তুক লোকসভা নিৰ্বাচনত এই তিনিটা সমষ্টিতে প্ৰতিন্দন্দ্বিতা কৰিব আপে। তিনিওটা সমষ্টিত ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু সমষ্টিৰ ৰাইজৰ সহাঁৰিলৈ চাই এই তালিকা প্ৰস্তুত কৰা হৈছে বুলি সদৰি কৰে আপে।

উল্লেখ কৰা প্ৰয়োজন যে, আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিটো ইণ্ডি মৰ্চাই আপক দিব বুলি চৰ্চা হৈ আছিল যদিও ডিব্ৰুগড় উমৈহতীয়াভাৱে লুৰীণজ্যোতি গগৈক থিয় কৰাব বুলি চৰ্চা হৈছিল। ঠিক সেইদৰে তেজপুৰত এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ কথা ইণ্ডি মৰ্চাত আলোচনা হৈছিল। কিন্তু শেহতীয়াকৈ আপে ঘোষণা কৰা এই তালিকাই ইণ্ডি মৰ্চাৰ সকলো অংকত যে আউল লগাব সেয়া নিশ্চিত।

ইণ্ডিয়াত আউল
ৰৈ থকা অৱস্থাত চাৰিচকীয়া বাহনৰ প্ৰচণ্ড খুন্দা, মৃত্যু ৪ জনৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in