জননেতা অটল বিহাৰী বাজপেয়ী...

জননেতা অটল বিহাৰী বাজপেয়ী...

ডিজিটেল ডেস্ক : "চৰকাৰ আহিব, যাব । দল গঠন হ'ব, ভাঙিব । কিন্তু দেশ থাকিব লাগিব " এই উক্তি আছিল ভাৰতৰ প্ৰয়াত প্ৰধান মন্ত্ৰী তথা ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ । প্ৰখ্যানত জননেতা গৰাকীয়ে সদনত এইদৰে মন্তব্য কৰি প্ৰমাণ কৰিছিল যে দেশ সদায় দল আৰু ব্যক্তিতকৈ উৰ্ধত । যি উক্তি আজিৰ ৰাজনৈতিক নেতা সকলৰ বাবে অলীক কল্পনা ।

তিনিটা শাসন কালত ভাৰতক প্ৰধান মন্ত্ৰীৰ ৰূপত সেৱা আগবঢ়োৱা এই গৰাকী মহান ৰাজনীতিবিদক ভাৰতীয় ৰাজনীতিৰ ভীষ্ম পিতামহ আখ্যা দিছিল প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙে । বৰ্তমানৰ কেন্দ্ৰীয় শাসনাধিষ্ঠ দল ভাৰতীয় জনতা পাৰ্টীৰ সহ-প্ৰতিষ্ঠাপক আছিল এই গৰাকী জননেতা । অটল বিহাৰী বাজপেয়ী আৰু জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানিৰ মাগদৰ্শনতেই আজিৰ সময়ত শক্তিশালী ভাৰতীয় জনতা পাৰ্টী ।

এই মহান নেতা গৰাকীয়ে প্ৰায় অৰ্ধ শতিকাতকৈও অধিক কাল সেৱা আগবঢ়াইছিল সদনত । ইয়াৰ ওপৰিও দহ বাৰকৈ নিৰ্বাচিত হৈছিল লোক সভালৈ । ১৯৯৬ চনত কেৱল ১৩ দিনৰ বাবে প্ৰধান মন্ত্ৰী ৰূপে নিৰ্বাচিত হৈছিল প্ৰথম বাৰৰ বাবে । ইয়াৰ পৰৱৰ্তী সময়ত ১৯৯৮ চনত ১৩ মাহৰ বাবে আৰু সৰ্ব শেষত ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ প্ৰধান মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে এই গৰাকী নেতাই ।

উল্লেখ্য যে, অটল বিহাৰী বাজপেয়ীৰ দিনতেই ভাৰতে প্ৰথমবাৰৰ বাবে সফল হৈছিল পাৰমাণৱিক সম্পৰীক্ষা চলাবলৈ । ১৯৯৮ চনত পোখৰানত ভাৰতে কৰা এই সম্পৰীক্ষাৰ পাছতেই সমগ্ৰ বিশ্বই অনুমান কৰিবলৈ সক্ষম হৈছিল ভাৰতৰ প্ৰতিৰক্ষা শক্তিৰ উমান । আনহাতে, কেৱল শক্তিৰেই যুদ্ধ জিনিব নোৱাৰি বুলি জনা বাজপেয়ীয়ে চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ সৈতে কূটনৈতিক সম্পৰ্ক ৰক্ষা কৰাৰ বাবেও চলাইছিল প্ৰচেষ্টা । চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে কাৰগিল যুদ্ধৰ পাছত কুটনৈতিক সম্পৰ্ক উন্নত কৰিবলৈ পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ সৈতে এক ঐতিহাসিক বৈঠকত মিলিত হৈছিল আগ্ৰাত ।  

এই মহান জননেতা গৰাকীৰ ভাৰতীয় ৰাজনীতিৰ প্ৰতি আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি ২০১৫ বৰ্ষত কেন্দ্ৰীয় চৰকাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন আগবঢ়াইছিল ।

২০১৮ চনত এই বৰ্ণিল জীৱনৰ যৱনিকা পেলাই ইহলীলা সম্বৰণ কৰিছিল এই গৰাকী জননেতাই । যি নেতাৰ আদৰ্শ কাহানিও উভতাই নাপাব দেশে, সেই গৰাকী নেতাৰ জন্মদিনত শ্ৰদ্ধাৰে স্মৰণ কৰা হ'ল নেতা গৰাকীক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in