নগাঁৱত বৃহৎ পৰিমানৰ হেৰ’ইন উদ্ধাৰ : তিনিজনক কৰায়ত্ব

নগাঁৱত বৃহৎ পৰিমানৰ হেৰ’ইন উদ্ধাৰ : তিনিজনক কৰায়ত্ব

ডিজিটেল সংবাদ,নগাঁও : নগাঁও আৰক্ষীৰ বৃহৎ সাফল্য ৷ বৃহৎ পৰিমানৰ হেৰ’ইন উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ চহৰখনৰ কাষৰীয়া অঞ্চল বৰভেটিত গোপন সুত্ৰৰ পম খেদি টয়'টা গাড়ীৰ পৰা উদ্ধাৰ কৰা হৈছে হেৰ’ইন খিনি ৷

হয়বৰগাঁও টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভা জ্যোতি ৰাভাৰ নেতৃত্ব আৰক্ষীৰ দল এটাই মাজনিশা বৰভেটিত অভিযান চলাই ৷ এই অভিযানৰ সময়ত এ এছ ০২ এ কে ২৮৭৮ নম্বৰৰ গাড়ীখনত লুকুৱাই অনা হেৰ’ইন খিনি উদ্ধাৰ কৰে ৷

ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰী
ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰী

আৰক্ষীয়ে এই বৃহৎ সংখ্যক ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ কৰে ক্ৰমে ইছমাইল হুছেইন, লতিফুল সৰকাৰ আৰু ছহিদুল ইছলামক ৷ ইছমাইলৰ ঘৰ ভকত গাঁৱত আৰু লতিফুল আৰু ছহিদুলৰ ঘৰ জুৰীয়া উদমাৰীত ৷ জব্দ কৰা হেৰ’ইন খিনিৰ পৰিমান ৪৪৫ গ্ৰাম ৷ ড্ৰাগছ ব্যৱসায়ী তিনিজনে ৩৯ টা চাবোনৰ বাকছত ভৰাই হেৰ’ইন খিনি সৰবৰাহ কৰিছিল ৷ ডিমাপুৰৰ পৰা ক্ৰয় কৰি আনি তিনি ব্যৱসায়ীয়ে জব্দ কৰা হেৰ’ইনখিনি কেৰেলালৈ নিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে এই বৃহৎ পৰিমানৰ ড্ৰাগছ খিনি জব্দ কৰাৰ লগতে তিনিজন ব্যৱসায়ীক কৰায়ত্ব কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in