পথ দুৰ্ঘটনাত মৃত্যু হ'লে খাটিব লাগিব ১০ বছৰ কাৰাদণ্ড, ভৰিব লাগিব ১০লাখ টকাৰ জৰিমণা

পথ দুৰ্ঘটনাত মৃত্যু হ'লে খাটিব লাগিব ১০ বছৰ কাৰাদণ্ড, ভৰিব লাগিব ১০লাখ টকাৰ  জৰিমণা

ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত এতিয়া চলিছে প্ৰতিবাদ। বিশেষকৈ ট্ৰাকচালক সকলে আৰম্ভ কৰিছে এই প্ৰতিবাদ। চৰকাৰে গ্ৰহণ কৰা হিট এণ্ড ৰাণ আইনৰ বিৰুদ্ধে ট্ৰাক চালক সকলে কৰিছে এই প্ৰতিবাদ।

দেশৰ বিভিন্ন প্ৰান্তত ট্ৰাক চালক সন্থাৰ সোমবাৰৰ পৰা তিনিদিনীয়া প্ৰতিবাদ আৰম্ভ কৰিছে। দেশৰ ঘাইপথ আৰু আন কেইবাটাও গুৰুত্বপূৰ্ণ পথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰী সকলে। প্ৰতিবাদৰ ফলত কেৱল যান-জঁটৰ সৃষ্টি হোৱাই নহয় আন সমস্যাসমূহো আৰম্ভ হোৱাৰ আগজাননী দিছে।

ট্ৰাক চালকসকলে নতুন ভাৰতীয় ন্যায় সংহিতাত হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে ভিন্নমত প্ৰকাশ কৰিছে। নতুন আইনখনে পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত কাৰাদণ্ড ১০ বছৰলৈকে বৃদ্ধি কৰিছে। ইয়াৰ পূৰ্বে ভাৰতীয় দণ্ডবিধিত পথ দুৰ্ঘটনাত এজন ব্যক্তিক দুৰ্ঘটনাক্ৰমে হত্যা কৰাৰ বাবে সৰ্বাধিক ২ বছৰৰ কাৰাদণ্ড আছিল।

আইন অনুসৰি দুৰ্ঘটনাত কোনো লোকৰ মৃত্যু হ'লে চালকজনে ৭ বছৰৰ কাৰাবাস খটাৰ লগতে জৰিমণাও বিহিব লাগিব। যদি অপৰাধীজন পলাই যায় বা ঘটনাটোৰ বিষয়ে তৎক্ষণাৎ নজনাই তেন্তে কাৰাবাসৰ ম্যাদ ১০ বছৰলৈকে বৃদ্ধি হ'ব পাৰে, লগতে ৭ লাখ টকা জৰিমনা হ'ব পাৰে।

উল্লেখ্য যে, ভাৰতীয় ন্যায় সংহিতাৰ (বিএনএছ) ধাৰা ১০৪-ত হিট এণ্ড ৰাণৰ কথা উল্লেখ কৰা হৈছে। ই আইপিচিৰ স্থান লৈছে। ধাৰাটোৱে অৱহেলাৰ দ্বাৰা মৃত্যু ঘটাৰ বাবে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ কথা কৈছে।

ধাৰা ১০৪(১) ত কোৱা হৈছে, "যিকোনো ব্যক্তিয়ে অসাৱধানবশত বা অৱহেলাৰ বাবে কোনো ব্যক্তিৰ মৃত্যু ঘটালে সেয়া হত্যাৰ সমান। এনে কৰিলে কাৰাদণ্ড ৫ বছৰলৈ বৃদ্ধি আৰু জৰিমণা বিহা হ'ব।

ধাৰা ১০৪(২))ত উল্লেখ কৰা হৈছে যে "যিকোনো ব্যক্তিয়ে দ্ৰুত গতিত গাড়ী চলাই যিকোনো ব্যক্তিৰ মৃত্যু ঘটায় আৰু ঘটনাটো সংঘটিত হোৱাৰ লগে লগে কোনো আৰক্ষী বিষয়া বা দণ্ডাধীশক অৱগত নকৰাকৈ যদি পলাই যায়, তেওঁক কাৰাদণ্ড দিয়া হ'ব। এই কাৰাদণ্ড যিটো দহ বছৰলৈ বৃদ্ধি কৰিব পৰা যায় আৰু জৰিমণাৰ ব্যৱস্থাও আছে।

ইয়াৰ পূৰ্বে হিট এণ্ড ৰাণ ভাৰতীয় দণ্ড বিধি(আইপিচি)ৰ অধীনত আছিল। হিট এণ্ড ৰাণৰ ক্ষেত্ৰত ধাৰা ২৭৯, ৩০৪এ আৰু ৩৩৮ প্ৰযোজ্য হৈছিল। আইপিচিত হিট এণ্ড ৰাণৰ সৰ্বাধিক কাৰাদণ্ড দুইবছৰ আৰু জৰিমণা আছিল।

এই আইনৰ বিৰোধিতা বিশেষকৈ ট্ৰাকচালক সকলে কৰিছে। তেওঁলোকে কৈছে যদিহে দুৰ্ঘটনাত কাৰোবাৰ মৃত্যু হয় তেন্তে কেনেকৈ ইমান টকা দিব তেওঁলোক। লগতে ইমান বছৰৰ কাৰাদণ্ড গ্ৰহণযোগ্য নহয়। কিয়নো দুৰ্ঘটনা জানি বুজি কৰা নাযায়।

পথ দুৰ্ঘটনাত মৃত্যু হ'লে খাটিব লাগিব ১০ বছৰ কাৰাদণ্ড, ভৰিব লাগিব ১০লাখ টকাৰ  জৰিমণা
৩১ ডিচেম্বৰৰ নিশা পাৰ্টি, পুুৱা অচেতন অৱস্থাত উদ্ধাৰ আৰু পাছত মৃত্যু IIT ৰ ছাত্ৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in