৩১ ডিচেম্বৰৰ নিশা পাৰ্টি, পুুৱা অচেতন অৱস্থাত উদ্ধাৰ আৰু পাছত মৃত্যু IIT ৰ ছাত্ৰীৰ

অত্যাধিক নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলতেই মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। মৃত্যু হোৱা যুৱতীগৰাকী তেলেংগানাৰ পল্লবী ঐশ্বৰ্য।

author-image
Asomiya Pratidin
New Update
৩১ ডিচেম্বৰৰ নিশা পাৰ্টি, পুুৱা অচেতন অৱস্থাত উদ্ধাৰ আৰু পাছত মৃত্যু IIT ৰ ছাত্ৰীৰ

ডিজিটেল ডেস্কঃ অকালতে প্ৰাণ হেৰুৱালে গুৱাহাটী আইআইটিৰ এগৰাকী ছাত্ৰীয়ে। অত্যাধিক নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলতেই মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। মৃত্যু হোৱা যুৱতীগৰাকী তেলেংগানাৰ পুলোৱী অছৈয়।

Advertisment

জানিব পৰা মতে ৩১ ডিচেম্বৰৰ নিশা জিএছ ৰোডৰ এখন বাৰত ৩ বন্ধুৰ সৈতে পাৰ্টি কৰিছিল যুৱতীগৰাকীয়ে। তাৰপাছতে গৈছিল পল্টন বজাৰৰ এখন হোটেললৈ। চাৰি বন্ধুয়ে ২ টাকৈ কোঠা বুক কৰিছিল হোটেলখনত।

ইয়াৰে দুজন যুৱক আৰু দুগৰাকী যুৱতী। হোটেললৈ অহাৰ পাছতেই ১ জানুৱাৰীৰ পুৱা বাথৰুমত অচেতন অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকী। পাছত জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত মঙলবাৰে মৃত্যু হয় যুৱতীগৰাকীৰ।

হোটেল কৰ্তৃপক্ষই জনোৱা অনুসৰি হোটেলত প্ৰৱেশ কৰাৰ সময়ত অত্যাধিত নিচাত আছিল আটাইকেইজন।অত্যাধিক নিচা কৰাৰ বাবে মৃত্যু হোৱাৰ সন্দেহ যুৱতীগৰাকীৰ। ৩১ ডিচেম্বৰৰ নিশা অনলাইনযোগে বুক কৰিছিল হোটেল।

পাৰ্টিত অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱন কৰাৰো অভিযোগ উত্থাপন হৈছে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত কাৰণ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে তেলেংগানাৰ দুই যুৱকক। এই যুৱক দুজনো তেলেংগানাৰ।

Also Read: আলফাঃ কিছু অপ্ৰিয় কথা...

Assam police