ৰাহুল গান্ধীৰ গেৰান্টী কোনে ল'ব ? : হিমন্ত বিশ্ব শৰ্মা

ৰাহুল গান্ধীৰ গেৰান্টী কোনে ল'ব ? : হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্ক : কৰ্ণাটকত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান । এফালে যদি নৰেন্দ্ৰ মোডীৰ 'মেগা ৰেলী' আনফালে আকৌ ডেলিভাৰী বয়ৰ স্কুটিত উঠি প্ৰচাৰ ৰাহুল গান্ধীৰ । এফালে চমকৰ সৃষ্টিৰে ৰাইজক আকৰ্ষণৰ চেষ্টা, আনফালে ৰাইজৰ মাজৰে এজন বুলি ভালৰি লগোৱাৰ প্ৰচেষ্টা । মুঠতে নিৰ্বাচনী প্ৰচাৰত কোনো কেৰোণ এৰি দিয়া নাই কোনেও । আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন । এই অন্তিম ক্ষণত কংগ্ৰেছ আৰু বিজেপিয়ে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ।

কেৱল সেয়াই নহয় বৰং অসমৰ মুখ্যমন্ত্ৰী তথা দেশৰ ৰাজনীতিত শেহতীয়াকৈ প্ৰচুৰ গুৰুত্ব লাভ কৰা হিমন্ত বিশ্ব শৰ্মাকো বিগত কেইটামান দিনত কৰ্ণাটকত দেখা যায় নিৰ্বাচনী প্ৰচাৰৰ বাবে ।

কিন্তু এই সকলোৰে মাজত নিৰ্বাচনী প্ৰচাৰত প্ৰতিপক্ষক কটাক্ষ কৰিব নেৰিলে এটা দলেও । ৰাহুল গান্ধীয়ে স্কুটিত উঠি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তেই নৰেন্দ্ৰ মোডীক উদ্দেশ্যি মন্তব্য প্ৰদান কৰা সময়তেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ্ণাটকত কংগ্ৰেছে কৰা নিৰ্বাচনী প্ৰতিজ্ঞা সমূহ সমালোচনা কৰে । কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছে ৫টা কৈ প্ৰতিশ্ৰুতি দিছিল ৰাইজক ।

সেই সন্দৰ্ভতেই হিমন্ত বিশ্ব শৰ্মাই কয় যে, "কাৰোবাক গেৰান্টী দিবলৈ কংগ্ৰেছ কোন হয় ? ৰাহুল গান্ধীৰ গেৰান্টী কোনে দিব প্ৰথমে সেই কথা কওক । উত্তৰ প্ৰদেশত নিৰ্বাচনত পৰাস্ত হৈ তেওঁ কেৰালালৈ গ'ল । কোনোবাদিনা যদি তেওঁক ছাদ্দাম হুছেইনৰ দৰে দেখি, অইন দিনা আকৌ আমূলৰ শিশুটিৰ দৰে । ছোনীয়া গান্ধীয়ে ২০ বছৰ চেষ্টা কৰাৰ অন্তত ৰাহুল গান্ধী আজি এনে এক পদত আছে । যিজন ব্যক্তিয়ে নিজৰেই গেৰান্টী ল'ব নোৱাৰে, তেওঁ কৰ্ণাটকৰ ৰাইজক কেনেদৰে গেৰান্টী দিব ?"

এই কটাক্ষৰ সৈতেই কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰে এক অন্য ৰূপ লোৱাও পৰিলক্ষিত হৈছে । ইতিপূৰ্বে মোডী উপাধিধাৰী লোকসকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা বুলি অভিযোগ উত্থাপন হোৱা ৰাহুল গান্ধীৰ ভাষণ আছিল বহু পৰিমাণে মাৰ্জিত আৰু পৰিপাটী । কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ এই কটাক্ষৰ পাছত যে আজি অন্তিম দিনৰ নিৰ্বাচনী প্ৰচাৰে এক নতুন খেল দেখুৱাব সেইয়‍া নিশ্চিত ।

ৰাহুল গান্ধীৰ গেৰান্টী কোনে ল'ব ? : হিমন্ত বিশ্ব শৰ্মা
মঙলদৈত কৰুণাধাৰাৰ মানৱতাৰ জয়গান, ৪ জন ৰোগীলৈ মুঠ ৭০ হাজাৰ টকা প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in