মঙলদৈত কৰুণাধাৰাৰ মানৱতাৰ জয়গান, ৪ জন ৰোগীলৈ মুঠ ৭০ হাজাৰ টকা প্ৰদান

মঙলদৈত কৰুণাধাৰাৰ মানৱতাৰ জয়গান, ৪ জন ৰোগীলৈ মুঠ ৭০ হাজাৰ টকা প্ৰদান

ডিজিটেল সংবাদ,‌ মঙলদৈ : বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ নেতৃত্বত ২০১২ চনৰ ১২ ফ্ৰেব্ৰুৱাৰীত গঠন হোৱা মানৱতাবাদী সংগঠন 'কৰুণাধাৰা'ই দেওবাৰে মঙলদৈত গালে মানৱতাৰ জয়গান। 'কৰুণাধাৰা' দৰং জিলা সহায়ক সমিতিৰ উদ্যোগত মঙলদৈ য়ুথ ক্লাবত দেওবাৰে দিনৰ ১১ বজাত সমিতিৰ কাৰ্যকৰী সভাপতি মুকুল চন্দ্ৰ ডেকাৰ সভাপতিত্বত হোৱা এখন সভাত দৰঙৰ চাৰিজন জটিল ৰোগত আক্ৰান্ত ৰোগীক মুঠ ৭০ হাজাৰ টকা প্ৰদান কৰা হয়।

সম্পাদক গণেশ দত্তই আঁত ধৰা এই সভাত বিশিষ্ট সাহিত্যিক ডা৹ অমৰেন্দ্ৰ নাৰায়ণ দেৱে কৰুণাধাৰাই আৰ্থিকভাৱে দুৰ্বল অথচ জটিল ৰোগত আক্ৰান্ত আৰু বিশেষভাৱে সক্ষম লোকক অলপ মৰম, অলপ সাহস, অলপ প্ৰেৰণা দি অহাৰ কথা উল্লেখ কৰি কয় যে, এই ধন ৰাইজৰ ধন।

ৰাইজে দিয়া বৰঙণিৰ জৰিয়তে এইদৰে বহুতৰ মুখত হাঁহি বিৰিঙাই আহিছে। কপাটিৰ বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুঞ্জ দেৱী, কবি এনী ভূঞা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী দুলু দেৱী, ৰক্তদাতা শেখৰ মজুমদাৰ, শিল্পী ক্ৰমে বৰ্ণালী শইকীয়া, নন্দিতা চহৰীয়া, মীৰা হাজৰিকা, শিক্ষয়িত্ৰী মিনতি হাজৰিকা আদি উপস্থিত থকা এই সভাত ছিপাঝাৰ বৰমপুৰৰ ঠগেশ্বৰ ডেকাক ৩০ হাজাৰ টকা, মঙলদৈ প্ৰফুল্ল নগৰৰ বুবুল ডেকাক ১৫ হাজাৰ টকা, ছিপাঝাৰ ভোক্তাবাৰীৰ লিলি হাজৰিকাক ১৫ হাজাৰ টকা আৰু মাৰৈৰ আজিজুৰ ৰহমানক ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে। এক সংকটপূৰ্ণ মুহূৰ্তত এইদৰে সহায়ৰ হাত আগবঢ়োৱাত কৰুণাধাৰালৈ অৰ্থ সাহাৰ্য্যপ্ৰাপ্ত সকলে কৃতজ্ঞতা জ্ঞাপন কৰে।

মঙলদৈত কৰুণাধাৰাৰ মানৱতাৰ জয়গান, ৪ জন ৰোগীলৈ মুঠ ৭০ হাজাৰ টকা প্ৰদান
চৌদিশে মৃত্যুৰ কিৰিলি, কেৰালাত পৰ্যটকৰ নাওঁ ডুবি মৃত্যু ২১ জনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in