হিমন্ত বিশ্ব শৰ্মাই ক'লে- কৰ্মফল ভোগ কৰিছে ৰাহুল গান্ধীয়ে'

হিমন্ত বিশ্ব শৰ্মাই ক'লে- কৰ্মফল ভোগ কৰিছে ৰাহুল গান্ধীয়ে'

author-image
Asomiya Pratidin
New Update
ৰাহুল গান্ধীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  পৰামৰ্শঃ দেশজুৰি আৰম্ভ চৰ্চা...

হিমন্ত বিশ্ব শৰ্মাই ক'লে- কৰ্মফল ভোগ কৰিছে ৰাহুল গান্ধীয়ে'

ডিজিটেল ডেস্কঃ ইচ্ছাকৃত ভাৱে ৰাহুল গান্ধীয়ে অপমান কৰিছিল অবিচি সম্প্ৰদায়ক। তেওঁ অবিচি সম্প্ৰদায়ৰ ওচৰত ক্ষমা বিচাৰিব লাগিছিল যদিও ক্ষমা নিবিচাৰিলে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

২০১৯ ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে ৰাহুল গান্ধীয়ে মোডী উপাধি সন্দৰ্ভত কৰা এটা মন্তব্যৰ বাবেই শাস্তিৰ সন্মুখীন হৈছে । মোডী সম্প্ৰদায়ক অপমান কৰাৰ অভিযোগেৰে দাখিল হোৱা এক অভিযোগৰ ভিত্তিতেই গুজৰাটৰ চুৰাট আদালতে ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে। আৰু লগতে এমাহৰ জামিন প্ৰদান কৰিছে। ইয়াৰ পিছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুলৰ সাসংদ পদখাৰিজ কৰিলে।

এইলৈ সৃষ্টি হৈছে দেশজুৰি বিতৰ্ক। কংগ্ৰেছ আৰু বিৰোধীয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে বিজেপিয়ে কংগ্ৰেছ আৰু ৰাহুল গান্ধীক সমালোচনা কৰিছে। তাৰ মাজতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, কৰ্মফল ভোগ কৰিছে ৰাহু গান্ধীয়ে।

তেওঁ কয়, ৪ বছৰে ভুলৰ কথা স্বীকাৰ নকৰিলে ৰাহুল গান্ধীয়ে। আদালতে লোৱা সিদ্ধান্তক আমি সমৰ্থন কৰিছোঁ। ভুল কৰিলে শাস্তি পাবই। কোনো সম্প্ৰদায়ক লৈ আপত্তিজনক মন্তব্য কৰাটো অনুচিত। এটা সম্প্ৰদায়ক অপমানৰ ফল ভুগিছে ৰাহুল গান্ধীয়ে।’

Also Read: উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো বহু জিলাৰ পৰা প্ৰত্যাহাৰ হ'ল বিতৰ্কিত আইন AFSPA...

ৰাহুল গান্ধী হিমন্ত বিশ্ব শৰ্মা