/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/AFSPAA-31.jpg)
উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো বহু জিলাৰ পৰা প্ৰত্যাহাৰ হ'ল বিতৰ্কিত আইন AFSPA...
ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও অঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে বহু বিতৰ্কিত ক'লা আইন আফছপা। কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে আজি এই সন্দৰ্ভত গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অধ্যক্ষতাত বহা এক বৈঠকৰ পিছতে এই সিদ্ধান্তৰ বিষয়ে প্ৰকাশ পাইছে। সেই অনুসৰি অসম, নাগালেণ্ড আৰু মণিপুৰৰ কেইবাটাও অঞ্চলক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এই সিদ্ধান্ত অনুসৰি অসমৰ বহু কেইখন জিলাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে এই আইন। ইয়াৰ পৰিৱৰ্তে ৮ খন জিলাতহে AFSPA প্ৰযোজ্য হ'ব। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে টুইটাৰৰ জৰিয়তে আজিৰ দিনটোক উত্তৰ পূবৰ বাবে এক ঐতিহাসিক দিন বুলি অভিহিত কৰিছে। উল্লেখ্য যে, এই নতুন নিয়ম অহা ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব।
I express my gratitude to PM @narendramodi Ji for bringing this positive change in the lives of the people of North East and connecting the region with the hearts of the rest of India.
Congratulations to our sisters and brothers of the Northeast on this momentous occasion.— Amit Shah (@AmitShah) March 25, 2023
Also Read: মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে শ্ৰম ভৱন...