ৰাহুল গান্ধীক ৰাজনৈতিক নিৰক্ষৰ আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ...

ৰাহুল গান্ধীক ৰাজনৈতিক নিৰক্ষৰ আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ...
ৰাহুল গান্ধীক ৰাজনৈতিক নিৰক্ষৰ আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ...

ডিজিটেল ডেস্কঃ মিজোৰাম নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বিজেপিৰ পৰিয়ালতন্ত্ৰ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰা তীব্ৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাহুল গান্ধীক ৰাজনৈতিক নিৰক্ষৰ আখ্যা দি কয়, ৰাহুল গান্ধীয়ে পৰিয়ালতন্ত্ৰৰ সংজ্ঞাই নাজানে। ৰাজনীতিৰ কোনো জ্ঞানেই তেওঁৰ নাই। তেওঁ বিজেপিত পৰিয়ালতন্ত্ৰ আছে বুলি প্ৰমাণ কৰিবলৈ বৃথা চেষ্টা চলাই অমিত শ্বাহ আৰু ৰাজনাথ সিঙৰ পুত্ৰৰ নাম টানি আনিছে।

হিমন্ত বিশ্ব শৰ্মাই কয়, অমিত শ্বাহৰ পুত্ৰ জয়শ্বাহ ৰাজনীতিত নাই। তেওঁ বি চি চি আইৰ মুৰব্বী। গতিকে ৰাহুল গান্ধীয়ে ভাবিছে নেকি বি চি চি আয়ো বিজেপিৰ অংশ? হিমন্ত বিশ্ব শৰ্মাই কয়, কংগ্ৰেছত ৰাহুল আৰু তাৰ পৰিয়ালৰ সদস্যই মিলি দল চলাইছে। তেওঁলোকে এৰি গ'লেই সমস্যাৰ সমাধান হ'ব।

ৰাহুল গান্ধীয়ে কৈছিল বিজেপি ক্ষমতালৈ আহিলে মিজোৰাম আৰু উত্তৰ পূবৰ ধৰ্ম, সংস্কৃতি, ভাষা সকলো আক্ৰান্ত হ'ব। ৰাহুলৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দি হিমন্ত বিশ্ব শৰ্মাই কয়, বিজেপি শাসনলৈ অহাৰ পাছতো মিজোৰামৰ সকলো গীৰ্জা, ভাষা, সংস্কৃতি একেই আছে। অসমত মাজুলীৰ সত্ৰ, ডন বস্কোৰ গীৰ্জা, কামাখ্যা সকলো আগৰ দৰেই আছে। উত্তৰ পূবৰ বিষয়ে একো নজনাকৈ কথা ক'লে এনেকুৱাই হয়।

ইয়াৰোপৰি হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ দেশপ্ৰেমক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয়, ভাৰত-পাকিস্তানৰ মেচত ভাৰতে বিজয় সাব্যস্ত কৰাৰ পাছত ৰাহুল বা তেওঁৰ দলৰ কোনেও ভাৰতক অভিনন্দন জনায় এটাও টুইট কৰা নাই।

তেওঁ কয়, জাতীয় ক্ৰিকেট দলৰ জয় বিজেপিৰ জয় নহয়। মই কোৱা নাই যে, পাকিস্তান হৰাৰ বাবে ৰাহুলে দুখ পাইছে। কিন্তু যিয়ে ইজৰাইল, পেলেষ্টাইনৰ যুদ্ধত এবাৰলৈ হামাছক নিন্দা কৰা নাই, ক্ৰিকেটত ভাৰতৰ জয়ত আনন্দ প্ৰকাশ কৰা নাই- এনে দল আৰু নেতাৰ পৰা দেশবাসীয়ে কোনো আশা ৰখাই উচিত নহয়।

হিমন্তৰ দাবী, কোনোৱে হয়তো ৰাহুলক বুজাইছে, পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলৰ জয়ৰ প্ৰশংসা কৰিলে তেলেংগানাত ভোট নাপাব। ইফালে ৰাহুল গান্ধীয়ে যি সময়ত মিজো শান্তি চুক্তিত তেওঁৰ পিতৃ ৰাজীৱ গান্ধীৰ ভূমিকাৰ কথা প্ৰচাৰ কৰিছে সেই সময়তে মিজো নেশ্যনেল য়ুথ ফ্ৰণ্টে দাবী কৰিছে ৰাজীৱ গান্ধীৰ মাতৃ ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী থকাৰ সময়তে ১৯৬৬ চনৰ ৫ মাৰ্চত মিজো বিপ্লৱীসকলৰ ওপৰত বিমানৰ জৰিয়তে বোমা নিক্ষেপ কৰা হৈছিল।

তেওঁলোকৰ অভিযোগ বোমা নিক্ষেপ কৰা পাইলটসকলৰ মাজত আছিল পৰৱৰ্তী সময়ৰ কংগ্ৰেছৰ নেতা আৰু দেশৰ মন্ত্ৰী হোৱা ৰাজেশ পাইলট আৰু সুৰেশ কালমাদি। সংগঠনটোৱে কয়, ৰাহুল গান্ধীয়ে আইতাকৰ কৃতকৰ্মৰ কথা স্বীকাৰ কৰি মিজোৰামবাসীৰ ওপৰত ক্ষমতা খোজা উচিত আছিল।

প্ৰদেশ বিজেপিৰ মুখপাত্ৰ লালৰেমছাংগি ফানায়ো মিজোৰামত বোমা বৰ্ষণত কংগ্ৰেছ আৰু ইন্দিৰা গান্ধীৰ ভূমিকাৰ কথা উল্লেখ কৰি কয়, নিজৰ দেশৰ নিৰীহ মহিলা- শিশুৰ ওপৰত বোমা নিক্ষেপ কৰি হত্যা কৰাৰ উদাহৰণ কেৱল কংগ্ৰেছেই আছে। মিজোসকলে সেয়া কেতিয়াও নাপাহৰে।

ৰাহুল গান্ধীক ৰাজনৈতিক নিৰক্ষৰ আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ...
হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে সুপ্ৰিয়া ছোলেয়েঃ ক'লে তেওঁৰ ডি এন এ কংগ্ৰেছৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in