অস্থিৰ হিমাচল, তৎপৰ বিজেপিঃ পতন হ'ব পাৰে কংগ্ৰেছ চৰকাৰ !

মন্ত্ৰী বিক্ৰমাদিত্যৰ পদত্যাগ, ১৫ বিধায়কক বহিষ্কাৰ
অস্থিৰ হিমাচল, তৎপৰ বিজেপিঃ পতন হ'ব পাৰে কংগ্ৰেছ চৰকাৰ !
অস্থিৰ হিমাচল, তৎপৰ বিজেপিঃ পতন হ'ব পাৰে কংগ্ৰেছ চৰকাৰ !

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ শাসিত আন এখন ৰাজ্য বিজেপিৰ দখললৈ যোৱাৰ দিশে। ইতিমধ্যে আৰম্ভ হৈছে নাটক। ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফলৰ পাছৰে পৰা অস্থিৰ হৈ পৰিছে হিমাচল প্ৰদেশৰ কংগ্ৰেছ চৰকাৰ। যিকোনো মুহূৰ্ততে এই চৰকাৰৰ পতন নিশ্চিত হৈ পৰিছে। ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ অংক কৰাত ব্যস্ত হৈছে বিজেপি।

আজি উত্তপ্ত হৈ পৰিছে হিমাচল প্ৰদেশৰ বিধানসভা। অৱশ্যে এনে পৰিস্থিতি সৃষ্টি হ'ব পৰাৰ সম্ভাৱনা পূৰ্বৰে পৰা আছিল। সেই সম্ভাৱনাক সত্য প্ৰমাণিত কৰি বুধবাৰৰ পুৱাৰ পৰাই হিমাচল প্ৰদেশত আৰম্ভ হৈছে ৰাজনীতিৰ খেলা।

ইতিমধ্যে পদত্যাগ কৰিছে ৰাজ্যখনৰ মন্ত্ৰী বিক্ৰমাদিত্য সিঙে। তেওঁ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে আজি বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হোৱাৰ লগে লগে বিৰোধী বিজেপি বিধায়কে বিভিন্ন শ্লোগান আওঁৰাই সদন উত্তপ্ত কৰি তোলে। ফলত অধ্যক্ষই ১৫ জনকৈ বিধায়কক বহিষ্কাৰ কৰে।

জানিব পৰা মতে এই বিধায়কসকলে অধ্যক্ষৰ কক্ষৰ ভিতৰত প্ৰৱেশ কৰি শ্লোগান দিছিল। সেয়ে অধ্যক্ষ কুলদীপ সিং পাথানিয়ে তেওঁলোকক বহিষ্কাৰৰ নিৰ্দেশ দিয়ে। বহিষ্কৃত বিধায়কসকলৰ ভিতৰত অন্যতম হিমাচলৰ বিৰোধী দলনেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ।

পদত্যাগী মন্ত্ৰী বিক্ৰমাদিত্য সিঙে অভিযোগ কৰি কয়, ৬ বাৰৰ মুখ্যমন্ত্ৰী আছিল মোৰ দেউতা। তেওঁৰ এটি প্ৰতিমূৰ্তি স্থাপনৰ বাবে মল ৰোডত সামান্য ঠায়ো দিব পৰা নাই এই চৰকাৰে। এয়াই আমাৰ প্ৰয়াত পিতৃৰ প্ৰতি চৰকাৰৰ সন্মানৰ স্বৰপ। আমি আৱেগিক মানুহ। পদকলৈ আমাৰ কোনো কথা নাই। এয়া অতি দুৰ্ভাগ্যজনক। মই অতি আঘাত পাইছো। উল্লেখ্য যে, পদত্যাগী মন্ত্ৰী বিক্ৰমাদিত্য সিং ৬ বাৰৰ মুখ্যমন্ত্ৰী প্ৰয়াত বিদৰ্ভ সিঙৰ পুত্ৰ।

ইফালে বুধবাৰে পুৱাই হিমাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বিৰোধী নেতা জয়ৰাম ঠাকুৰ আৰু অন্য বিজেপি বিধায়কৰ সৈতে ৰাজ্যপালক সাক্ষাৎ কৰিছে। তেওঁলোকে আস্থা ভোটৰ দাবী কৰিছে।

উল্লেখ্য যে, মঙ্গলবাৰে হিমাচল প্ৰদেশৰ ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হৰ্ষ মহাজনৰ হাতত পৰাস্ত হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী তথা আইনজীৱি, প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ অভিষেক মনু সিংভি। ৬৮ জন সদস্যৰে গঠিত হিমাচল প্ৰদেশ বিধানসভাত কংগ্ৰেছৰ মুঠ ৪০ জন বিধায়ক আছে। সেই ফালৰ পৰা কংগ্ৰেছৰ বিজয় নিশ্চিত আছিল যদিও বিজেপিৰ প্ৰাৰ্থীগৰাকীহে বিজয়ী হয়।

ইয়াৰ পিছতে অস্থিৰ হৈ পৰে ৰাজ্যখনৰ ৰাজনীতি। বিজেপিৰ আস্থা ভোটৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে কংগ্ৰেছ চৰকাৰ। বিজেপিয়ে দাবী কৰিছে লোকসভা নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰৰ পতন নিশ্চিত।

বিশেষকৈ বিক্ৰমাদিত্যৰ পদত্যাগে এতিয়া কংগ্ৰেছ চৰকাৰৰ পতনৰ ইংগিত বহন কৰিছে। কিয়নো বিক্ৰমাদিত্যৰ সমৰ্থনত আছে আন কেইবাজনো বিধায়ক। ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ মেজিক নম্বৰ ৩৫। বৰ্তমান বিজেপিৰ ২৫ জন বিধায়ক আছে। নিৰ্দলীয় বিধায়ক আছে ৩ জন।

ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ লগতে মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ দাবী চি আৰ পি এফ আৰু হাৰিয়ানাৰ আৰক্ষীয়ে কংগ্ৰেছৰ ৬/৭ জন বিধায়কক অপহৰণ কৰিছে। সেয়ে ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে। ইয়াৰোপৰি তেওঁ বিক্ৰমাদিত্যৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই বুলিও জনাইছে।

স্মৰ্তব্য, বৰ্তমান দেশত মাত্ৰ ৩ খন ৰাজ্যতহে কংগ্ৰেছ চৰকাৰ আছে। তাৰ মাজৰ পৰা এতিয়া হিমাচলো বিজেপিৰ দখললৈ যোৱাৰ দিশে। যদি সেয়াই হয় তেন্তে লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বাবে এয়া হৈ পৰিব চৰম হতাশাৰ বিষয়।

অস্থিৰ হিমাচল, তৎপৰ বিজেপিঃ পতন হ'ব পাৰে কংগ্ৰেছ চৰকাৰ !
ভাৰতীয় তেল নিগমৰ উদ্যোগত কামাখ্যা প্ৰাথমিক বিদ্যালয় নৱীকৰণৰ আধাৰশিলা স্থাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in