/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/77408119-28e1-49df-96fc-2ae06b426608/363.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ ভাৰতীয় তেল নিগমৰ উদ্যোগত কলিয়াবৰ শিক্ষাখণ্ড অন্তৰ্গত ১৯৬১ চনতে স্থাপিত 'নাম কামাখ্যা প্ৰাথমিক বিদ্যালয়'খনিৰ বুধবাৰে নৱীকৰণৰ আধাৰশিলা স্থাপন কাৰ্যসূচী সম্পন্ন কৰে । আধাৰশিলা স্থাপনৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ মুখ্য সচিব আই এ এছ পৱন কুমাৰ বৰঠাকুৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/4af5d88d-6ce3-496e-8be7-687557363acc/3fc8f251_b278_483a_8083_760e1142b7fe.jpg)
ভাৰতীয় তেল নিগমৰ কেইবাগৰাকী শীৰ্ষ বিষয়াৰ লগতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াও উপস্থিত থাকে। মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে প্ৰায় ৫০ বছৰ পূৰ্বে পঢ়ি যোৱা বিদ্যালয় খনিৰ অভাৱসমূহ দূৰ কৰাৰ মানসেৰে ভাৰতীয় তেল নিগমক বিদ্যালয়খনিৰ বাবে কিছু কাম কৰিবৰ বাবে অনুৰোধ জনাইছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/512a8194-5af1-439b-a2f8-ae6f632b54ea/3dd85075_9435_40bc_9a64_2eb61fa3a98a.jpg)
সেই অনুৰোধ ৰক্ষা কৰি অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰামৰ্শ অনুসৰি ভাৰতীয় তেল নিগমে CSR পুজিৰ অধীনত বিদ্যালয়খনিৰ আতালৰ ব্যৱস্থা, পকী বেৰৰ মেৰামতি, দুৱাৰ খিৰিকী মেৰামতি, ভোজনালয়ৰ মেৰামতি, খোৱা পানীৰ সু ব্যৱস্থা, চৌহদৰ উদ্যান নিৰ্মাণ, পানী নিস্কাসনৰ বাবে নলাৰ ব্যৱস্থা, প্ৰয়োজনীয় ডেক্স-বেঞ্চৰ ব্যৱস্থা আদি কৰিব এই আঁচনিৰ জড়িয়তে। একালৰ ছাত্ৰ তথা মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ এই পদক্ষেকপ একেমুখে শলাগ লৈছে শিক্ষানুষ্ঠানখনৰ শিক্ষক-কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজে।
Also Read: ৰাণা গোস্বামীৰ ৫কঠা মাটিৰ মালিক হ'ব কোন ?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us