হিমাচলত স্থবিৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীঃ ভূমিস্খলনে প্ৰাণ ল'লে অৰ্ধ শতাধিক লোকৰ

হিমাচলত স্থবিৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীঃ ভূমিস্খলনে প্ৰাণ ল'লে অৰ্ধ শতাধিক লোকৰ

author-image
Asomiya Pratidin
New Update
হিমাচলত স্থবিৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীঃ ভূমিস্খলনে প্ৰাণ ল'লে অৰ্ধ শতাধিক লোকৰ

ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশত স্থবিৰ স্বাধীনতা দিৱসৰ সাংস্কৃতিক কাৰ্যসূচী। ৰাজ্যখনত অব্য়াহত থকা ভূমিস্খলনে বিধ্বংসী ৰূপ ধাৰণ কৰাত এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। বিগত প্ৰায় ২মাহৰ আগৰ পৰাই ৰাজ্যখনত ঠায়ে ঠায়ে ভয়াৱহ ৰূপত দেখা দিছে ভূমিস্খলনে। ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলন, ডাৱৰ বিস্ফোৰণ আদি প্ৰাকৃতিক দুৰ্যোগৰ ফলত এই পৰ্যন্ত কমেও ৫৫ জন লোকৰ মৃত্যু হৈছে।

Advertisment

বৰষুণৰ ফলত হোৱা এনে শোকাৱহ মৃত্যুৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত অনুষ্ঠিত হ'বলগীয়া সকলো সাংস্কৃতিক কাৰ্যসূচী স্থগিত কৰে ৰাজ্য চৰকাৰ তথা প্ৰশাসনে। ইপিনে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে মঙলবাৰে ৰাজ্যখনত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা কথা ব্যক্ত কৰে। তেওঁ চোলান, চিমলা, মাণ্ডি আৰু হামিৰপুৰ ৰাজ্যখনৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰি জনতাক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান কৰে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে আৱদ্ধ লোকসকলক পুনৰুদ্ধাৰৰ কাম তীব্ৰগতিত চলিছে বুলিও জানিবলৈ দিয়ে। চণ্ডিগড়-চিমলা ৪ লেনৰ ঘাইপথৰ লগতে অন্যান্য কেইবাটাও পথ ইতিমধ্যেই মুকলি কৰি সুচল কৰিছে।

উল্লেখ্য সোমবাৰৰ নিশা চোলান জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত ৭ জন লোকে মৃত্যুক আঁকোৱালি লয়। আনহাতে চিমলা চহৰৰ পাহাৰ অঞ্চলত এটা শিৱ মন্দিৰ খহিও আন ৯ জন লোকৰ মৃত্যু হয়।

Also Read: ধুবুৰীত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

himachal pradesh