ধুবুৰীত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

ধুবুৰীত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
ধুবুৰীত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

ডিজিটেল সংবাদ, ধুবুৰী : আজি ভাৰতৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো আজি উলহ-মালহেৰে স্বাধীনতা দিৱস পালন কৰা হৈছে। ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত মঙলবাৰে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত অনুষ্ঠানত ত্রিৰংগ পতাকা উত্তোলন কৰে ধুবুৰী জিলাৰ আয়ুক্ত দিৱাকৰ নাথে।

Advertisment

আনহাতে বিলাসীপাৰা ৰাজহুৱা খেলপথাৰত কেন্দ্ৰীয়ভাৱে ত্ৰিৰংগ পতাকা উত্তোলন কৰে বিলাসীপাৰাৰ মহকুমাধিপতি মনুৰঞ্জন পায়েং। বিলাসীপাৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা ৭৭ সংখ্যক স্বাধীনতা দিৱসত অগণন লোকৰ উপস্থিতত আজি দিনজোৰা কাৰ্যসূচী পালন কৰা হৈছে।

বিলাসীপাৰা চহৰৰ বিভিন্ন বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে দেশপ্ৰেমমূলক নৃত্য-গীত পৰিৱেশন কৰি উপস্থিত অগনন দৰ্শকৰ মাজত প্ৰশংসা লাভ কৰে । ধুবুৰী সদৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আয়ুক্তগৰাকীয়ে পতাকা উত্তোলনৰ পাছতেই অসম আৰক্ষীসহ বিভিন্ন সংগঠনৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে।

ধুবুৰী জিলা প্ৰশাসনৰ উদোগত অনুষ্ঠিত ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু জিলাখনৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত অসম আৰক্ষী,গৃহৰক্ষী,জোৱান বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ এন চি চিৰ কেডাৰৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে পেৰেডত অংশগ্ৰহণ কৰি মুখ্য অতিথিগৰাকীলৈ অবিভাদন জ্ঞাপন কৰে।

বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে এক উৎসৱ মুখৰ পৰিৱেশৰ মাজত অগনন ৰাইজৰ উপস্থিতিত ধুবুৰীত স্বাধীনতা দিৱস শান্তিপূৰ্ণভাৱে উদযাপন কৰা হয়। অনুষ্ঠানত বিভিন্ন অংশগ্ৰহণকৰীসকলৰ কুচকাৱাজ পৰিদৰ্শন কৰি আয়ুক্তগৰাকীয়ে জাতীয় পতাকা উত্তোলন কৰে।

জাতীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত দিৱাকৰ নাথে দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া ছহিদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু অসম চৰকাৰৰ বিভিন্ন বিভাগৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে। উল্লেখ্য এই বেলি স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাইজৰ অংশগ্ৰহণ চকুত লগা আছিল।

পূৰ্বৰ বছৰবোৰৰ তুলনাত এইবাৰ অভিলেখ সংখ্যক লোকে স্বতস্ফূৰ্তভাবে স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

Also Read: স্বাধীনতা দিৱস উপলক্ষে গোলাঘাটত দৌৰ প্ৰতিযোগিতা

independence day