২৪ ঘণ্টাত ৪ বাৰকৈ ডাৱৰ বিস্ফোৰণ হিমাচলত, ১২ জনৰ মৃত্যু...

২৪ ঘণ্টাত ৪ বাৰকৈ ডাৱৰ বিস্ফোৰণ হিমাচলত, ১২ জনৰ মৃত্যু...

ডিজিটেল ডেস্কঃ পুনৰ প্রকৃতিৰ ৰোষত হিমাচল প্রদেশ। ২৪ ঘণ্টাত ৪ বাৰকৈ ডাৱৰ বিস্ফোৰণ। ছিমলাত বৰষুণে ভংগ কৰিলে ১২২বছৰৰ ইতিহাস। ২৪ ঘণ্টাত ডাৱৰ বিস্ফোৰণৰ ফলত ১২জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে।

ছিমলাত ৪ আৰু মণ্ডিত ৮জন লোকৰ মৃত্যু হয়। ইয়াৰ লগে লগে সমগ্র হিমাচলতে পুনৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। ডাৱৰ বিস্ফোৰণৰ ফলত কেইবাটাও ঘৰক্ষতিগ্ৰস্ত কৰাৰ উপৰিও ৪০০ তকৈও অধিক পথ অৱৰোধ হয়।

বতৰ বিজ্ঞান বিভাগে বুধবাৰে এক ৰেড এলাৰ্ট জাৰি কৰি কয় যে, ৰাজ্যখনৰ ১২ খন জিলাৰ ভিতৰত ছয়খনত "অত্যাধিক ধাৰাসাৰ বৰষুণ" আৰু পৰৱৰ্তী ২৪ ঘণ্টাত কিছুমান ঠাইত ধাৰাসাৰৰ বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে।

এই মাহত ৰাজ্যখনত বৰষুণ সম্পৰ্কীয় ঘটনাত ১২০ জন লোকৰ মৃত্যু হৈছে। ২৪ জুনৰ পৰা হিমাচল প্ৰদেশত বাৰিষা আৰম্ভ হোৱাৰ পিছত মুঠ ২৩৮ জন লোকৰ মৃত্যু হৈছে আৰু ৪০ জন এতিয়াও সন্ধানহীন হৈ আছে। এইবাৰ বাৰিষাৰ ফলত হিমাচল প্ৰদেশত যথেষ্ঠ ক্ষতিসাধন হৈছে।

২৪ ঘণ্টাত ৪ বাৰকৈ ডাৱৰ বিস্ফোৰণ হিমাচলত, ১২ জনৰ মৃত্যু...
' চন্দ্ৰত ভাৰতৰ খোজ': লেণ্ডাৰ বিক্ৰমৰ পৰা নামি আহিল ৰোভাৰ প্ৰজ্ঞান

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in