' চন্দ্ৰত ভাৰতৰ খোজ': লেণ্ডাৰ বিক্ৰমৰ পৰা নামি আহিল ৰোভাৰ প্ৰজ্ঞান

' চন্দ্ৰত ভাৰতৰ খোজ': লেণ্ডাৰ বিক্ৰমৰ পৰা নামি আহিল ৰোভাৰ প্ৰজ্ঞান

author-image
Asomiya Pratidin
New Update
' চন্দ্ৰত ভাৰতৰ খোজ': লেণ্ডাৰ বিক্ৰমৰ পৰা নামি আহিল ৰোভাৰ প্ৰজ্ঞান

ডিজিটেল ডেস্কঃ ২৩ আগষ্টত চন্দ্ৰত সফল অৱতৰণ হয় চন্দ্ৰযান-৩ৰ। ইয়াৰ পাছতে বৃহস্পতিবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ৰোভাৰ প্ৰজ্ঞান চন্দ্ৰত সফলতাৰে মোতায়েন কৰা হয়।

Advertisment

ইছৰোই টুইট কৰি জনাই যে, "চন্দ্ৰযান-৩ ৰোভাৰখন লেণ্ডাৰৰ পৰা তললৈ নামি অহাৰ পাছতে ভাৰতে চন্দ্ৰত প্ৰথমটো খোজ কাঢ়ে''। অন্য তথ্য পৰৱৰ্তী সময়ত জনোৱা হ'ব বুলি ইছৰোই কয়।

মাইক্ৰ'ৱেভ অভেনৰ আকাৰৰ ৰভাৰটো চন্দ্ৰপৃষ্ঠত ৫০০ মিটাৰ (১,১৪০ ফুট) পৰ্যন্ত ভ্ৰমণ কৰাৰ বাবে ডিজাইন কৰা হৈছে। ই চন্দ্ৰৰ ভূ-বিজ্ঞান, খনিজ বিজ্ঞান আৰু বায়ুমণ্ডল অধ্যয়ন কৰিবলৈ পৰীক্ষা-নিৰীক্ষা কৰিব।

উল্লেখ্য যে, চন্দ্ৰলৈ ভাৰতৰ এইটো তৃতীয়টো চন্দ্ৰ অভিযান। এই অভিযান ১৪ জুলাইত আৰম্ভ কৰা হৈছিল।

Also Read: পৰৱৰ্তী সময়ত মংগল আৰু শুক্ৰ গ্ৰহত হ'ব সফল অৱতৰণঃ ইছৰোৰ অধ্যক্ষ

Vikram Rover Pragyan chandrayaan 3