বিজেপিৰ বিধায়কক বহিষ্কাৰ! সদনত বাজেট পাছ কৰি চৰকাৰ ৰক্ষা সুখবিন্দ সিং সুখুৰ

বিজেপিৰ বিধায়কক বহিষ্কাৰ! সদনত বাজেট পাছ কৰি চৰকাৰ ৰক্ষা সুখবিন্দ সিং সুখুৰ

ডিজিটেল ডেস্কঃ ৰাজনৈতিক সংকটৰ মাজতেই চকী ৰক্ষা পৰিল হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ। বাজেট পাছ কৰি আস্থা ভোটত জয়ী হৈ সুখবিন্দৰ সিং সুখুৱে চৰকাৰ ৰক্ষা কৰে। ইয়াৰ লগে লগে হিমাচল প্ৰদেশৰ বিধানসভা অনিৰ্দিষ্টকাললৈ স্থগিত কৰি দিয়ে।

বুধবাৰে যেতিয়া বাজেট পাছ হয় তেতিয়া সদনত বিৰোধী দল বিজেপিৰ কোনো বিধায়ক উপস্থিত নাছিল। বিজেপিৰ ১৫ বিধায়কক সদনৰ পৰা বহিষ্কাৰ কৰা হৈছিল আৰু বাকী ১০ বিধায়কে সদন ত্যাগ কৰিছিল।

উল্লেখ্য যে, হিমাচল প্ৰদেশৰ বিধানসভাত মুঠ আসনৰ সংখ্য়া ৬৮। ইয়াৰে কংগ্ৰেছৰ ৪০ আৰু বিজেপিৰ ২৫ জন বিধায়ক আছে। লগতে আন ৩ জন নিৰ্দলীয় বিধায়ক আছিল কংগ্ৰেছৰ সমৰ্থনত।

কিন্তু ২৭ ফেব্ৰুৱাৰীত ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছে ক্ৰছ ভোটিং কৰাৰ ফলত কংগ্ৰেছ প্ৰাৰ্থী পৰাজিত হয়। জানিব পৰা মতে ক্ৰছ ভোটিং কৰা ৬ জনৰ ৩ জন নিৰ্দলীয়ৰ। যাৰ বাবে কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থী কেইজনে ৩৪ টাকৈ ভোট লাভ কৰিছিল। পাছত টছত জয়ী হয় বিজেপি প্ৰাৰ্থী হৰ্ষ মহাজন ।

এই ঘটনাক্ৰমৰ পাছতেই সংকটত পৰিছিল হিমাচলৰ কংগ্ৰেছ চৰকাৰ। ইয়াৰ মাজতে খবৰ আহিছিল যে হিমাচলৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব। কিন্তু তেনে নহ'ল। সংখ্যাগৰিষ্ঠতাৰ সহায়ত বাজেট পাছ কৰে সুখ বিন্দৰ সিং সুখুয়ে। আজি বিধানসভাত ১৫ জন বিজেপি বিধায়কক বহিষ্কাৰ কৰাৰ পিছত সদনত বিধায়কৰ সংখ্যা ৫৩লৈ হ্ৰাস পায়। লগতে সদন ত্যাগো কৰিছিল বিজেপিৰ ১০ বিধায়ক।

সেই সময়তে ধ্বনি ভোটৰ সহায়ত বাজেট পাছ কৰে সুখবিন্দৰ সিং সুখুয়ে। অৱশ্যে এতিয়াও শেষ হোৱা নাই কংগ্ৰেছৰ সংকট। বৰ্তমান দেশৰ ৩ খন ৰাজ্যত আছে কংগ্ৰেছ চৰকাৰে। লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে এই ৩ খন ৰাজ্যও নিজৰ দখলত অনাৰ চেষ্টা কৰিব পাৰে।

বিজেপিৰ বিধায়কক বহিষ্কাৰ! সদনত বাজেট পাছ কৰি চৰকাৰ ৰক্ষা সুখবিন্দ সিং সুখুৰ
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানভিত্তিত প্ৰতিযোগিতা- বিজ্ঞান সমাৰোহ সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in