আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানভিত্তিত প্ৰতিযোগিতা- বিজ্ঞান সমাৰোহ সম্পন্ন

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানভিত্তিত প্ৰতিযোগিতা- বিজ্ঞান সমাৰোহ সম্পন্ন

author-image
Asomiya Pratidin
New Update
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানভিত্তিত প্ৰতিযোগিতা- বিজ্ঞান সমাৰোহ  সম্পন্ন

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলাৰ ৰামেচুবুৰী হাইস্কুল প্ৰাংগণত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ অন্তৰ্গত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আৰু সমগ্ৰ শিক্ষা অসমৰ দ্বাৰা সমৰ্থিত এক বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা আৰু বিজ্ঞান অনুসন্ধানঃ শিশু সমাৰোহ অনুষ্ঠিত হৈ যায় ৷ বুধবাৰে পুৱা কাৰ্যসূচীৰ আৰম্ভণিতে পৱিত্ৰ বিজ্ঞান দিৱসৰ দিনা বিশিষ্ট বিজ্ঞানী চি ভি ৰমণ আৰু জ্যোতিষ বিজ্ঞানী আৰ্যভট্টৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷

Advertisment

বন্তি প্ৰজলন কৰে ৰামেচুবুৰী হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ বড়োয়ে ৷ পাছত অঞ্চলটোৰ শিক্ষানুষ্ঠান সমূহৰ পৰা অংশ গ্ৰহন কৰা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আকস্মিক বক্তৃতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷

বিজ্ঞান অনুসন্ধানঃ শিশু বিজ্ঞান সমাৰোহ উপলক্ষে তামুলপুৰ শিক্ষা খণ্ডৰ ১২ খন বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলে ২২ টা প্ৰকল্প উপস্থাপন কৰে ৷প্ৰতিযোগিতা সমূহৰ বিচাৰক দায়িত্ব পালন কৰে ক্ৰমে শিক্ষক হায়না ব্ৰহ্ম, ৰাজকুমাৰ ছেত্ৰী গৌতম শৰনীয়া, ৰূপজ্যোতি দাস. মদন ভৌমিক, মকুল বৰা. হেমন্ত বসুমতাৰীয়ে ৷ দুপৰীয়া ৰামেচুবুৰী হাইস্কুলৰ সহকাৰী শিক্ষক কমলাকান্ত বড়োই সঞ্চালনা কৰা মুকলি সভা আৰু বঁটা বিতৰনী অনুষ্ঠানত বিশিিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে কলবাৰী মাগুৰমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক টপেশ্বৰ কলিতা বাকসা জিলা বিজ্ঞান সমাৰোহৰ প্ৰাক্তন সমন্বয়ক দিলিপ কুমাৰ নায়ক, কচুকাটা হাইস্কুলৰ প্ৰধান শিক্ষক মদন কছাৰী, ৰামেচুবুৰী হাইস্কুলৰ প্ৰধান শিক্ষকউমেশ দাস আৰু বাকসা জিলা বিজ্ঞান সমাৰোহৰ সমন্বয়ক হেমন্ত কুমাৰ দাস ৷ প্ৰতিযোগিতা থলীত আগস্থা ইন্টাৰনেশ্বনেল নামৰ বেচৰকাৰী সংস্থাটোৱে ছাত্ৰছাত্ৰী সকলৰ মাজত বিজ্ঞান প্ৰদৰ্শনী পৰিবেশন কৰে ৷

মুকলি সভাতে ছাত্ৰছাত্ৰী সকলৰ মাজত বঁটা সমূহ বিতৰন কৰে বুলি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ তামলপুৰ খণ্ডৰ সমন্বয়ক উত্তম চন্দ্ৰ দাসে জনায় ৷

Also Read: কংগ্ৰেছ এৰিব বুলি প্ৰমাণ দিব পাৰিলেই ৰাণা গোস্বামীয়ে দিব ৫কঠা মাটি...