হিমাচল প্ৰদেশত কাৰ চৰকাৰ? বিজেপিক চেৰ পেলাই আগবাঢ়ি আছে কংগ্ৰেছ

: বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধান সভা নিৰ্বাচনৰ ভোট গণনা। হিমাচলত ৬৮ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন।

author-image
Asomiya Pratidin
New Update
হিমাচল প্ৰদেশত কাৰ চৰকাৰ?  বিজেপিক চেৰ পেলাই আগবাঢ়ি আছে কংগ্ৰেছ

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধান সভা নিৰ্বাচনৰ ভোট গণনা। হিমাচলত ৬৮ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন।

Advertisment

বৰ্তমান সময়ত চলি থকা ভোট গণনাত বিজেপিৰ চেৰ পেলাই আগবাঢ়ি আছে কংগ্ৰেছ। ৬৮ খন আসমৰ ৩২ খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৩৪ খন আসনত অগ্ৰগতি লাভ কৰি আছে। আনহাতে অন্যান্যই ২ খন আসনত অগ্ৰগতি লাভ কৰিছে।

হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত ৬,৩৮,৯৭৭ লোকে ভোটদান কৰিছিল। ইয়াৰে ৩৩,০৬৮৮ মহিলা ভোটাৰ আৰু ৩,০৮,২৮৫ পুৰুষ ভোটাৰ। হিমাচল প্ৰদেশত এইবাৰ ৭৫.৬ শতাংশ ভোটদান হয়।

আৰু পঢ়ক: গুজৰাট নিৰ্বাচনৰ ভোট গণনাৰ সৈতেই আৰম্ভ হ'ল হিমাচল প্ৰদেশৰ ভোট গণনা...

bjp himachal pradesh congress