গুজৰাট নিৰ্বাচনৰ ভোট গণনাৰ সৈতেই আৰম্ভ হ'ল হিমাচল প্ৰদেশৰ ভোট গণনা...

গুজৰাট নিৰ্বাচনৰ ভোট গণনাৰ সৈতেই আৰম্ভ হ'ল হিমাচল প্ৰদেশৰ ভোট গণনা...

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে দেশৰ দুখনকৈ ৰাজ্যত আৰম্ভ হ'ল বিধানসভা নিৰ্বাচনৰ ভোট গণনা । কেন্দ্ৰীয় শাসনাধিষ্ঠ বিজেপিৰ গৃহ চহৰ বুলি পৰিচিত গুজৰাটৰ সৈতেই হিমাচল প্ৰদেশতো আৰম্ভ কৰা হ'ল এই ভোট গণনা । দেশৰ মুখ্য তিনিটা দল ক্ৰমে বিজেপি, কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ তুমুল নিৰ্বাচনী প্ৰচাৰৰ প্ৰতিদ্বন্দিতাৰ অন্ত পেলাই বৃহস্পতি বাৰে ৮ বজাত আৰম্ভ কৰা হয় এই ভোট গণনা প্ৰক্ৰিয়া ।

ইতিমধ্যে গুজৰাটত পোষ্টেল যোগে অহা ভোট সমূহৰ গণনাত বিজেপিয়ে অগ্ৰগতি লাভ কৰি থকা পৰিলক্ষিত হৈছে যদিও হিমাচলত দেখা গৈছে বিজেপি আৰু কংগ্ৰেছৰ আধিপত্য ।

উল্লেখ্য যে, ১৪৬ খন আসনৰ অগ্ৰগতিৰে গুজৰাট নিৰ্বাচনৰ শীৰ্ষত আছে বিজপি আনহাতে হিমাচল প্ৰদেশত বিজেপিৰ ৩৩ খন আসনৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ৩২ খন আসনত অগ্ৰগতি ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in