/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ec394e12-a39a-400d-b989-21625fd9be74/AP_FOR_WEB_congress.jpg)
ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে গুজৰাট আৰু হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হয়। গুজৰাটত কংগ্ৰেছে পৰাজয় বৰণ কৰাৰ বিপৰীতে হিমাচল প্ৰদেশত কংগ্ৰেছে লাভ কৰিলে একক সংখ্যাগৰিষ্ঠতা।
বিগত কেইটামান বছৰৰ পৰা কংগ্ৰেছৰ অৱস্থা অতিকৈ বেয়া। দলত্যাগ কৰিছে জ্যেষ্ঠ নেতাৰ পৰা আৰম্ভ কৰি বহু নেতা কৰ্মী তথা সমৰ্থকে। অন্যহাতে বিগত কেইবাটাও নিৰ্বাচনত কংগ্ৰেছে ভাল প্ৰদৰ্শন দেখুওৱা নাই।
তেনে ক্ষেত্ৰত দলটো সমালোচনাৰ সন্মুখীন হৈছিল। দলটোত নেতৃত্ব দি অহা গান্ধী পৰিয়ালৰ ওপৰত প্ৰশ্ন তুলিছিল দলটোৰ কৰ্মী সকলকে ধৰি বিৰোধীয়েও। তাৰ পাছতেই প্ৰায় ২৪ বছৰ পাছত অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ সভাপতি পদৰ বাবে নিৰ্বাচন। এই নিৰ্বাচনে যথেষ্ঠ চৰ্চা লাভ কৰিছিল কিয়নো ইয়াত অংশ লোৱা নাছিল গান্ধী পৰিয়ালে।
তাৎপর্যপূৰ্ণ ভাৱে কংগ্ৰেছৰ সভাপতিৰ দায়িত্বৰ সাল-সলনি হোৱাৰ পাছতেই দলটোৱে পালে প্ৰথমটো জয়ৰ সোৱাদ। হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৪০ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ২৫ খন আৰু অন্যান্যই লাভ কৰে ৩ খন আসন। আনহাতে আপে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ'ল।
তদুপৰি কংগ্ৰেছৰ এই জয়ৰ আঁৰত ৰাহুল গান্ধীৰ নেতৃত্বত চলা ভাৰত জোড়ো যাত্ৰা বুলিও ক'ব পাৰি। কিয়নো ৰাজ্যখনত কংগ্ৰেছৰ এই যাত্ৰাই যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰিছিল।
আৰু পঢ়ক: গুজৰাট মোডীৰ! বিজেপিৰ ঐতিহাসিত জয়ৰ আঁৰত আছে নেকি আপ?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us