গুজৰাট মোডীৰ! বিজেপিৰ ঐতিহাসিত জয়ৰ আঁৰত আছে নেকি আপ?

ঘোষণা হ'ল গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফল। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি গুজৰাটত ঐতিহাসিক বিজয় সাৱ্যস্ত কৰিলে বিজেপিয়ে।

author-image
Asomiya Pratidin
New Update
গুজৰাট মোডীৰ! বিজেপিৰ ঐতিহাসিত জয়ৰ আঁৰত আছে নেকি আপ?

বৰষা শৰ্মা

Advertisment

ঘোষণা হ'ল গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফল। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি গুজৰাটত ঐতিহাসিক বিজয় সাৱ্যস্ত কৰিলে বিজেপিয়ে। ১৮২ খন আসনৰ ভিতৰত ১৫৭ খন আসনত জয় লাভ কৰি ১৯৮৫ চনৰ কংগ্ৰেছৰ অভিলেখ ভংগ কৰিলে বিজেপিয়ে।

বাঘা বাঘা নেতাৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছতো কংগ্ৰেছে মাত্ৰ ১৬ খন আসন, আপে ৫ খন আৰু অন্যান্য়ই ৪ খন আসন লাভ কৰিবলৈ সক্ষম হয়। পূৰ্বৰ তুলনাত এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে ৫৮ খন আসন বেছিকৈ লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ৬২ খন আসন হ্ৰাস পায়। বিজেপিৰ এনে জয় কোনোৱে আশা কৰা নাছিল। কিন্তু বিজেপিয়ে দেশবাসীৰ আগত তুলি ধৰিলে জয়ৰ অন্য এক ৰূপ।

কিহৰ বাবে এই ঐতিহাসিক জয় বিজেপিৰ?

গুজৰাটত ২০২২ বৰ্ষৰ আগতে মুখ্য প্ৰতিযোগিতা দুটা দলৰ মাজত হৈছিল। ১৯৯০ চনৰ পৰা কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ প্ৰতিযোগিতা হৈ আহিছে। কিন্তু এইবাৰৰ নিৰ্বাচনত ৰাজনীতিৰ খেল খন অলপ পৃথক আছিল। কংগ্ৰেছ আৰু বিজেপিৰ উপৰিও আম আদমী পাৰ্টীয়েও নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ আহিছিল গুজৰাটলৈ। বিজেপিৰ জয়ৰ পৰ্যালোচনা কৰিলে দেখা যায় যে বিজেপিৰ যি ভোট বেংক আছিল সেয়া অক্ষুন্ন আছে। কিন্তু কংগ্ৰেছৰ ভোটৰ বিভাজন হৈছে। অৰ্থাৎ আপ লৈ গৈছে কংগ্ৰেছৰ ভোট ।

আপৰ ফলত কংগ্ৰেছ যথেষ্ট প্ৰভাৱিত হৈছে আনহাতে বিজেপি ইয়াৰ পৰা লাভান্বিত হৈছে। এইবাৰ গুজৰাটত বিজেপিৰ খেলখন বিজেপিৰ বাবে শক্তিশালী হ'লহেতেনে। কিন্তু কংগ্ৰেছ আৰু আপৰ মাজত ভোটৰ বিভাজনে বিজেপিৰ বিজয়ক 'ঐতিহাসিক' কৰি তুলিলে।

শতাংশ হিচাপত চাবলৈ গ'লে বিজেপিয়ে গুজৰাটত ৫২ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ২৭ শতাংশ আৰু আম আদমী পাৰ্টীয়ে প্ৰায় ১৩ শতাংশ ভোট লাভ কৰে।

বিজেপিৰ জয়ৰ অন্যতম কাৰণ নিৰ্বাচনী প্ৰচাৰ বুলিও ক'ব পাৰি। কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ তুলনাত বিজেপিৰ নিৰ্বাচন ব্যৱস্থাপনা উন্নত আছিল। এয়া নিৰ্বাচনৰ ফলাফলত প্ৰতিফলিত হৈছে। তদুপৰি বিজেপিয়ে বুথ কমিটিৰ বাবেও যথেষ্ঠ সহায় হৈছে।

ছ'চিয়েল মিডিয়াৰ জৰিয়তে দলটোৱে ভোটাৰ সকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছিল আৰু যাৰ পৰিণাম নিৰ্বাচনী ফলাফলত দেখা গ'ল। ৰাজ্যখনত বিজেপিৰ সাংগঠনিক গাঁথনি যথেষ্ট শক্তিশালী। যাৰ বাবে কংগ্ৰেছ আৰু আপে বিজেপিৰ কাষ চাপিবই নোৱাৰিলে। গুজৰাটত বিজেপিৰ ওপৰত অগাধ বিশ্বাস আছে জনতাৰ যাৰ বাবে অন্য দলেই সেই বিশ্বাসক প্ৰত্যাহ্বান জনাব নোৱাৰিলে।

তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্য হোৱাৰ বাবে গুজৰাটৰ ফলাফলৰ ওপৰত সমগ্ৰ দেশৰ বিশেষ দৃষ্টি আছিল। নিৰ্বাচনৰ পূৰ্বে মোডীয়ে কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাতো অংশ গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্বাচনী প্ৰচাৰ দলটোৰ বাবে যথেষ্ঠ সহায়ক হৈ পৰে।

বিজেপিৰ এই ঐতিহাসিক বিজয়ৰ কাৰণ প্ৰাৰ্থী নিৰ্বাচন বুলিও ক'ব পাৰি। বহু পৰিকল্পনা কৰি বিজেপিয়ে এইবাৰ টিকট বিতৰণ কৰিছে। বিৰোধিৰ স্থিতিৰ ওপৰত লক্ষ্য কৰি বহু নতুন লোকক প্ৰাৰ্থীত্ব দিছিল। দলটোৱে যুৱ প্ৰজন্মক বিশেষকৈ গুৰুত্ব দিয়া দেখা যায়।

প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰুপানি আৰু নিতিন পেটেলৰ দৰে জ্যেষ্ঠ নেতা সকলৰ টিকট কৰ্তন কৰিছিল বিজেপিয়ে। বিজেপিৰ এই ৰণনীতিয়ে ভোটাৰক আকৰ্ষিত কৰিছিল। আৰু এই বাৰ্তা ভোটাৰ সকলোলৈ দিছিল যে দলটোৱে নিৰন্তৰ নিজকে বিকাশ কৰাৰ চেষ্টা কৰি আছে আৰু দলত সকলো পৰ্যায়ৰ কৰ্মীসকলক সম্পূৰ্ণ অগ্ৰাধিকাৰ দিয়া হৈছে।

আপ আৰু কংগ্ৰেছৰ কেইবাগৰাকী শক্তিশালী প্ৰাৰ্থী আছিল। তাৰ পাছতো আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীয়েও পৰাজয় বৰণ কৰে। হয়তো এই কাৰণ সমূহৰ বাবে বিজেপিয়ে গুজৰাটত লাভ কৰিলে ঐতিহাসিত বিজয়।

অন্যহাতে নিজৰ গৃহ ৰাজ্যত নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্ব দিয়া আৰু ৩০ খন ৰেলী সম্বোধন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি সন্ধিয়া প্ৰায় ৬-৬:৩০ বজাত দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ সম্ভাৱণা আছে৷ প্ৰধানমন্ত্ৰী মোডীয়েও দলীয় কৰ্মীসকলক এই বৃহৎ বিজয় সন্দৰ্ভত সম্বোধন কৰিব পাৰে৷

গুজৰাটত জয় বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ আছিল। ১৯৯৫ চনৰ পৰা এই ধাৰা অটুত ৰখা বিজেপিয়ে হিন্দুত্ববাদৰ পীঠস্থানত পুনৰ দখল কৰিলে গাদী। হয়তো এই নিৰ্বাচনৰ পাছৰ পৰাই আৰম্ভ হ'ব বিজেপিৰ লোকসভা নিৰ্বাচনৰ ৰণ কৌশল।

অন্যহাতে আজি হিমাচল প্ৰদেশতো ঘোষণা হয় বিধানসভা নিৰ্বাচনৰ ফলাফল। ৬৮ খন আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত কংগ্ৰেছে জয় লাভ কৰে। হিমাচলত কংগ্ৰেছে ৪০ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰে ২৫ খন আসন, আপে 0 আৰু অন্যান্যই লাভ কৰে ৩ খন আসন।

কিন্তু কংগ্ৰেছে জয়ৰ পাছতো শংকিত হৈছে বিজেপিৰ পৰা। হৰ্ছ ট্ৰেডিঙৰ আকংশাত কংগ্ৰেছে জয়ী হোৱা প্ৰাৰ্থী সকলক চত্তীশগড়লৈ পঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যি নহওক পূৰ্বৰ কংগ্ৰেছে প্ৰায় ১৮ খন আসন বেছিকৈ লাভ কৰিছে।

উল্লেখ্য যে, গান্ধী পৰিয়ালৰ পৰা হাতৰ পৰা কংগ্ৰেছ দলৰ নেতৃত্ব আনৰ হাতত যোৱাৰ পাছতেই দলটোৱে দেখিলে জয়ৰ ৰেঙণি। বহু সমালোচনাৰ পাছত কংগ্ৰেছে নিৰ্বাচিত কৰিছিল নতুন সভাপতি। তাৰপাছতেই কংগ্ৰেছত দেখা গ'ল অভূত পৰিৱৰ্তন।

তদুপৰি কংগ্ৰেছৰ এই জয়ৰ কাৰণ ভাৰত জোড়ো যাত্ৰা বুলিও ক'ব পাৰি। ৰাহুল গান্ধীৰ নেতৃত্বত চলা এই অভিযানে ৰাজ্যখত দলটোৰ বাবে এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছিল। তাৰপাছতেই হিমাচলত জয়গান গালে কংগ্ৰেছে।

অন্যহাতে বুধবাৰে ঘোষণা হোৱা দিল্লী পৌৰ নিগম নিৰ্বাচনত আপে জয় লাভ কৰে। বিজেপিৰ ১৫ বছৰীয়া শাসনৰ অন্ত পেলাই আপে দিল্লীত ৰচিলে নতুন ইতিহাস। ২৫০ খন আসনৰ আপে ১৩৪ খন লাভ কৰাৰ বিপৰীতে ১০৪ খন লাভ কৰিছিল বিজেপিয়ে।

১৫ বছৰ পাছত দিল্লীত আপৰ জয় আৰু গুজৰাটৰ বিজেপিৰ ঐতিহাসিক জয়ৰ আঁৰত আছে নেকি কিবা ৰহস্য? একাংশই সন্দেহ কৰিছে যে দিল্লী আপলৈ এৰি দিছে বিজেপিয়ে আৰু গুজৰাট বিজেপিক এৰি দিছে আপে। একাংশই সন্দেহ কৰিছে যে বিজেপি আৰু আপৰ মাজত হোৱা নীৰৱ চুক্তিৰ বাবে দিল্লী আৰু গুজৰাট নিৰ্বাচনত অন্য জয়ৰ সোৱাদ ল'লে দল দুটাই।

উল্লেখ্য যে, সোমবাৰে গুজৰাটত হ'ব নতুন চৰকাৰৰ শপত গ্ৰহণ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয় বাৰৰ বাবে ভূপেন্দ্ৰ পেটেলে ১২ ডিচেম্বৰত শপত গ্ৰহণ কৰিব। এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বহু জ্যেষ্ঠ নেতা ।

আৰু পঢ়ক: ''গুজৰাটত আপ আৰু বিজেপিৰ মাজত হৈছে নীৰৱ চুক্তি'' বৃহৎ জয়ৰ দিশে গেৰুৱা বাহিনী

aap bjp gujarat narendra modi congress