হিমাচলত ভয়ংকৰ দুৰ্ঘটনা : দ' খাৱৈত বাহন পৰি নিহত ৩জন

হিমাচলত ভয়ংকৰ দুৰ্ঘটনা : দ' খাৱৈত বাহন পৰি নিহত ৩জন

author-image
Asomiya Pratidin
New Update
ক্ষেত্রীত ভয়ংকৰ দুৰ্ঘটনা : তীব্রবেগী ইন’ভা বাহনৰ খুন্দাত নিহত এজন

ডিজিটেল ডেস্কঃ হিমাচলৰ মণ্ডি জিলাৰ জাঞ্জেহলী পাহাৰীয়া এলেকাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। পাহাৰীয়া অঞ্চলটোত বাহন এখন দ' খাৱৈত সোমাই যোৱাৰ ফলত বাহনখনত থখা ৩জন লোকৰ মৃত্যু হোৱাৰ লগতে ২জন লোক আহত হয়।আৰক্ষীয়ে জনোৱা মতে, কেইজন হ'ল মদন লাল, জয়ন্তী দেৱী আৰু ভীম সিং।

Advertisment

মাণ্ডী জিলাৰ জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰই জনোৱা মতে, সোমবাৰে সন্ধিয়া প্ৰায় ৫.৪৫ বজাত মাণ্ডীৰ জাঞ্জেহলী থানা এলেকাৰ মাগৰুগলাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো। গাড়ীখনত মুঠ ৫ জন লোক আছিল।

তাৰে ৩জনৰ মৃত্যু হোৱাৰ বিপৰীতে ২জন লোক গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ পাছত আহত লোকসকলক চিকিৎসা সাহায্যৰ বাবে জাঞ্জেহলী হাস্পতাললৈ প্ৰেৰণ কৰা হয়। উক্ত ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া চলি আছে বুলিও কেন্দ্ৰটোৱে জানিবলৈ দিয়ে।

অন্য এক ঘটনাত সোমবাৰে কাশ্মীৰৰ পৰা শ্ৰমিক কঢ়িয়াই অনা এখন ট্ৰাকে কাধাৰঘাটৰ পৰা চুন্নী অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন দ খাৱৈত পৰি যায়। আৰক্ষীয়ে জনোৱা মতে, উক্ত দুৰ্ঘটনাৰ বাবে ৩জন শ্ৰমিকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন ৩জন শ্ৰমিকক চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে চিকিৎসকে মৃত ঘোষণা কৰে।

Also Read: কৰণী সেনাৰ ৰাষ্ট্ৰীয় সভাপতি সুখদেৱ সিং গোগামেড়ীক গুলীয়াই হত্যা

road accident