মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনত বাতিল কংগ্ৰেছ সভাপতিৰ সভা...

মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনত বাতিল কংগ্ৰেছ সভাপতিৰ সভা...

author-image
Asomiya Pratidin
New Update
মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনত বাতিল কংগ্ৰেছ সভাপতিৰ সভা...

মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনত বাতিল কংগ্ৰেছ সভাপতিৰ সভা...

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ আজি অন্তিম দিন। এই ৰাজ্যখনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শাসকীয় বিজেপি, কংগ্ৰেছ সকলোৱা ৰাজ্যখনত পূৰ্ণ গতিত চলাইছে প্ৰচাৰ।

Advertisment

ভোটাৰক আকৰ্ষণৰ বাবে চেষ্টাৰ ত্ৰুতি কৰা নাই কোনো এটা দলেই। কিন্তু তাৰ মাজতে কংগ্ৰেছ শিবিৰৰ বাবে আহিল এটা বেয়া খবৰ।

প্ৰচাৰৰ অন্তিমটো দিনত বাতিল কৰিবলগীয়া হ'ল কংগ্ৰেছ সভাপতিৰ নিৰ্বাচনী প্ৰচাৰ সভা। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ হেলিকপ্টাৰ বিজুতিৰ বাবেই বাতিল কৰিবলগীয়া হৈছে তেওঁৰ নিৰ্বাচনী প্ৰচাৰসভা।

কংগ্ৰেছৰ এগৰাকী নেতাই উল্লেখ কৰা অনুসৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে বেতুল জিলাৰ আমলাত অনুষ্ঠিত হ'বলগীয়া প্ৰচাৰসভা বাতিল কৰিছে। পুৱা ১১-২০ বজাত অনুষ্ঠিত হ'বলগীয়া আছিল এই সভাখন।

নিৰ্ধাৰিত সময়ত প্ৰচাৰ সভাত উপস্থিত হোৱাৰ বাবে খাৰ্গেয়ে চেষ্টা কৰিছিল যদিও হেলিকপ্টাৰ বিজুতি ঘটাৰ বাবে শেষ মুহূৰ্তত এই প্ৰচাৰ সভা বাতিল কৰিবলগীয়া হয়।

বুধবাৰৰ দিনটোত এই প্ৰচাৰ সভাখনৰ উপৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে বাৰাছিয়া আৰু ভূপালত আন দুখন নিৰ্বাচনী প্ৰচাৰসভাও সম্বোধন কৰাৰ কথা। এই দুয়োখন সভা অৱশ্যে তেওঁ নিৰ্ধাৰিত সময়তে সম্বোধন কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য, বুধবাৰে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন। ১৭ নৱেম্বৰত ৰাজ্যখনত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। ইয়াৰ পাছত ৩ ডিচেম্বৰত ঘোষণা হ'ব ফলাফল।

Also Read: ভাৰত-নিউজিলেণ্ডৰ ছেমি ফাইনেলৰ পূৰ্বে বিতৰ্কঃ সলনি হ'ল ৱাংখেড়েৰ পিটছ...

কংগ্ৰেছ মল্লিকাৰ্জুন খাৰ্গে মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচন