ডিজিটেল ডেস্ক : মায়ানগৰী মুম্বাইত ধাৰাসাৰ বৰষুণৰ বাবে প্ৰশাসনৰ সতৰ্কবাণী জাৰি। সোমবাৰে মাজনিশাৰ পৰা চহৰখনত সৃষ্টি হৈছে প্ৰবল বৃষ্টিপাত। ইয়াৰ পূৰ্বে কম-বেছি পৰিমাণে বৰষুণ হৈ আছে যদিও নিশাৰ পৰা সৃষ্টি হোৱা মুষলধাৰ বৰষুণৰ বাবে চহৰবাসীৰ বাবে প্ৰশাসনে সতৰ্কবাণী জাৰি কৰে।
মুম্বাইৰ লগতে উপকণ্ঠ অঞ্চলসমূহতো সৃষ্টি হোৱা প্ৰবল বৰষুণৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে। বৰত বিজ্ঞান কেন্দ্ৰৰ আগজাননী মতে অনাগত দুই-চাৰিদিন পৰ্যন্ত চহৰখনত বৰষুণৰ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰে।
যোৱা নিশা সৃষ্টি হোৱা প্ৰবল বৃষ্টিপাতৰ বাবে মঙলবাৰে পুৱাৰ ভাগত চলাচল কৰা ৰে'লসমূহ বাতিল কৰা হয়। অৱশ্যে কিছুসময় পাচতে বৰষুণৰ পৰিমাণ হ্ৰাস হোৱাত নিৰ্ধাৰিত সময়তকৈ প্ৰায় ২৫-৩০ মিনিট পিচত পুনৰ ৰে'লসমূহ চলাচল কৰিবলৈ দিয়া হয়। উল্লেখ্য যে নিশা বান্দ্ৰা, দহিচাৰ, চেম্বুৰ, দুৰ্গ, মাতুঙ্গা, বাইকুল্লা আৰু চহৰৰ লগতে অন্যান্য অঞ্চলতো ধাৰাসাৰ বৰষুণ হৈছিল।